কবিতা- ৰাঙলী বুঢ়ীৰ দান
কবি- বিনন্দ চন্দ্ৰ বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
অ’ ৰঙামুৱা, অ’ ৰঙামুৱা চোতাল পালেহি মান,
জামুগুৰি চাপৰিত গি্ৰজনি মাৰিছে, চিঞৰত ফালিছে কাণ ৷
মানৰ ৰণ-চালি কিনো তালি ভুলি, কিনো নিঠৰুৱা প্ৰাণ,
স্বৰ্গদেউ ঈশ্বৰৰ, সোণৰ দেশ ভাঙিছে, গচকত ভাঙিছে ধান ৷
গগৈ সেনাপতি অকলে আহিছে, চাপৰিত পাতিব ৰণ;
যোৰহাট নগৰত স্বৰ্গদেউ ঈশ্বৰে, খৰকৈ গুণিছে ক্ষণ ৷
অসমীয়া সেনা তেনেই তাকৰীয়া, তথাপি জীৱন পণ,
ৰাখিব লাগিব সোণৰ অসম, দেশৰ জীৱন ধন ৷
বনৰ বন-ৰজা, মানৰ শতৰু, দেশ ৰাখিবৰ হই;
সিবাৰ গৰু নিলে, কোঠাত সোমাই, মানকো কামুৰি থই ৷
অ’ ৰঙামুৱা, দুখুনী বাঁৰীৰ, এটি আঁচলৰ ধন,
তথাপি লাগিব, যুঁজলৈ যাব, থৌকি বাথৌ মন ৷
উঠ ৰঙামুৱা, ফেহুঁজালি দিলে, শুবৰ সকাম নাই,
দা- যাঠী লৈ, যা লৰা লৰি, বেগতে এমুঠি খাই ৷
ৰাতিতে যতনাই ৰাখিছোঁ কৱচ, পিন্ধিব পাৰিবি তই
মানৰ যুঁজত পিতাৰা ঢুকাল, যুঁজলৈ কিহৰ ভয় ?
এইদৰে কৈ, ৰাঙলী বুঢ়ীয়ে, ৰঙাক যুঁজলৈ পাচি,
জীৱন মৰণ ভৰিৰে গচকি যশ মান ল’লে বাচি ।
No comments:
Post a Comment