কবিতা- জীৱন সঙ্গীত
কবি- আনন্দ চন্দ্ৰ আগৰৱালা
পাঠ- প্ৰৱাল গোস্বামী
(কবি Longfellow ৰ 'A Psalm Of Life' নামে ইংৰাজী কবিতাৰ ভাঙনি)
শোকৰ কবিতা ৰচি, দুধাৰি চকু-লো মচি,
নকবা জীৱন মিছা নিশাৰ সপোন;
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই,
মোহময় মায়াময় সকলো মাথোন।
পুত্ৰ, কন্যা ,পৰিবাৰ কোন তযু তুমি কাৰ
বুলি হেৰাঁ অবাবত নকৰাঁ বেজাৰ;
কলা-ঘুমটিয়া হই, আতমা যে আছে ৰই,
জানিবা মৰণ নাই এই আতমাৰ।
অস্থায়ী মানৱ দেহা, কৰিম দুদিন বেহা,
ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত;
দুদিনৰ অন্ত হলে, আয়ুষ ঢুকাই গলে,
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।
পল পল দণ্ড কৰি, সময় গৈছে উড়ি,
পাখী-লগা কাঁড়ৰ নিচিনা অবিৰাম।
বহুদূৰ আছে গতি, সময় তাকৰ অতি,
—কৰিব লগীয়া আমি আছে বহু কাম॥
দিন যায় আহে ৰাতি, আয়ুষ গৈছে টুটি,
লাহে লাহে চমু চাপি আহিছে মৰণ।
সংসাৰ যুজৰ ঠাই শুবৰ সকাম নাই,
কাছি-পাৰি যুজাঁ সবে কৰি প্ৰাণপণ॥
এলাহ-নিহালি থোৱাঁ, বীৰবেশ গাত লোৱাঁ,
নহবা মৰাৰ প্ৰায় মানুহ-সন্তান।
নহবা গৰুৰ দৰে, খুচিলেহে খোজ ধৰে,
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান॥
কল্পনা চকুৰে চোৱাঁ, যেনেকি সুন্দৰ পোৱাঁ,
নকৰিবা দূৰ ভবিষ্যক পতিয়ন।
অতিত মৰিল, গল, তাৰ কথা অন্ত হল,
মনৰ পৰাই তাক কৰা বিসৰ্জ্জন।
যিহকে আগত পোৱা, ততালিকে কৰি যোৱা,
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত।
সাহক সাৰথি কৰাঁ, ‘কৰ্তব্যৰ পাছে লৰাঁ,
ঈশ্বৰ কৰুণাময় আছে ওপৰত॥
মহা মহা পুৰুষৰ, চানেকিৰে জীৱনৰ
আমিও কৰিব পৰা জীৱন গঢ়িত।
অভিনয় শেষ হলে, জীৱনৰ অন্তকালে,
থই যাব পাৰোঁ খোজ সময় বালিত॥
কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে
জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই।
অঠাই পানীত পৰি, কক্ বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পাই॥
দেখি সেই খোজবোৰ হব তাৰ আশা ঘোৰ
সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনে হলে বলা ভাই শুবৰ সকাম নাই
অপূৰ্ব জেউতি চোঁৱা 'উন্নতি'ৰ শিৰে।।
শিকা সৱে পৰিশ্ৰম, শিকাঁহে নীতি-ধৰম,
নেভাবিবা সুখ-দুখ কিনো কপালত।
কত্তৰ্ব্যৰ পাচে লৰাঁ ক্ৰমাগত কাম কৰা
ফলাফল ফলদাতা বিভূৰ হাতত।।
No comments:
Post a Comment