কবিতা- হঠাৎ পেট্ৰিয়ট
কবি- চন্দ্ৰধৰ বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
(১)
আমি হঠাৎ 'পেট্ৰিয়ট'
(আমাৰ) হঠাৎ মহৎ মত
আন কোনো লোকে আমাৰ মতৰ
নোৱাৰে ধৰিব তৎ।
(২)
আমিহে সকলো জানোঁ
জনা নাই আৰু কোনো
আমাৰ বাহিৰে নাই নাই জ্ঞান
কাৰো এধানি মানো।
(৩)
আমাৰ কথাই বেদ
(আমি) য'তে যাওঁ ত'তে ভেদ
(আমি) আজি Extremist, কালি Moderate
পৰহি Retrograde।
(৪)
(আমি) ঘনাই সলাওঁ ৰীতি
(আমাৰ) হঠাৎ বদলে নীতি
(আমি) যেনে মাছ দেখোঁ তেনে জাল গোথোঁ
ইটি এৰি ধৰোঁ সিটি।
(৫)
(আমি) নুশুনো যুক্তি কাৰো
নেমানোঁ প্ৰমাণ আৰু
আমাৰ লগত মত নিমিলিলে
তুমি বিয়াগোম গৰু।
(৬)
আমি বুজাটোহে সঁচা
ইবোৰ সকলো মিছা
আমাৰ নিচিনা কাৰ আছে আৰু
বুধিটো জোঙ্গালি চঁচা?
(৭)
আমি কৰা মতে ধাৰ্য্য
চলিব দেশৰ কাৰ্য্য
দেশখন খালি আমি কেজনৰে
বাপতি সাহোন ন্যায্য।
(৮)
আমিয়েই খালি সভ্য
আমিহে অকল নব্য
(আমি) আঁতৰি আঁতৰি ভেকুৰি থাকোতে
চুকতে হঠাৎ ভব্য!
No comments:
Post a Comment