কবিতা- সুখ
কবি- আনন্দচন্দ্ৰ আগৰৱালা
পাঠ-প্ৰৱাল গোস্বামী
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।
দেখিও নেদেখাঁ কিয় দিনকণা
সুখযে হাততে আছে,
যিটে' দিব পাৰে স্বাৰ্থ-বলিদান,
সুখ ফুৰে পাছে পাছে।
অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।
পৰৰ অভাৱ, পৰৰ দুখত
হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে
সংসাৰত দুখ নাই।
শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায়।
সকলো আপোন যত নৰ-নাৰী;
কাকনো বুলিম পৰ?
পৰমপিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰ।
গাই-গোটা-পেটে-ভঁৰাল নহ'বা
লোকৰ দুখলৈ চোৱাঁ,
মানুহৰ সেৱা, মানুহৰ পূজা,
পৱিত্ৰ বৰত লোৱাঁ।
'মই' 'মোৰ' ভাবে তললৈ নমাব
নাপাবা ৰক্ষাৰ তৰী।
সুখৰ দুখৰ মনেই কাৰণ
মনক কৰিবা থিত;
ত্যাগত লভিবা পৰম সন্তোষ,
সাধিবা লোকৰ হিত।
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
খোজে পতি বিন্ধে হুলে,
ত্যাগৰ বাট, সেন্দূৰীয়া আলি,
সুগন্ধি কুসুম ফুলে।
যথাৰ্থ নিঃস্বাৰ্থ মৰমী জীৱন,
বিশ্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ।
No comments:
Post a Comment