কবিতা- দুটি মানুহ
কবি- ৰত্নকান্ত বৰকাকতী
পাঠ- প্ৰৱাল গোস্বামী
এটি ঘৰত
দুটি মাথোন
দুটি মানুহ ধৰে,
এটি খেলে
লুকাই সপোন,
এটি জ্বলি মৰে।
এটি হাঁহে
তৰাৰ মুখত
ফুলৰ গন্ধ টানি;
এটি কান্দে
ধৰাৰ বুকুত
কুলৰ বন্ধ মানি।
এটি আহে
প্ৰিয়ৰ ৰূপত
চুচুক্-চামাক্ কৰি;
এটি থাকে
ৰুদ্ধ ঘৰত
শূন্য শয়ন ভৰি।
এটি মুক্ত
শিশুৰ প্ৰাণত
নাচে আকাশ জুৰি;
ইটি যুক্ত
আপোন কামত
মৰে দেই-পুৰি।
এটি স্তব্ধ
গিৰি গুহা
সৰিৎ-সাগৰ জিনি;
এটি ক্ষুব্ধ
ঘূৰি মহা
নাপাই ক'তো চিনি।
এটি লৰে
বহু বেশে ভঙা-গঢ়াৰ
তালে তালে;
এটি মৰে
দেশে দেশে
ক্ষণে ক্ষণে
কালে কালে।
No comments:
Post a Comment