কবিতা- তেজেৰে মোৰ
কবি- জ্ঞান পূজাৰী
পাঠ- প্ৰৱাল গোস্বামী
মোৰ চকুযুৰি
চকুযুৰি মোৰ পচাৰে খুঁচি নিয়া
আৰু তোমালোক ত্ৰিনয়ন হোৱা
মোৰ জিভাখন
জিভাখন মোৰ দুছেও কৰা
তোমালোক কালী হোৱা।
মোৰ কাণ দুখন
কাণ দুখন মোৰ হোলোঙাৰে কাঢ়ি নিয়া
মোৰ চূচুৰ্মৈ কলিজাৰে
তোমালোকে পৰশু তিলক পিন্ধোৱা
মোৰ টুকুৰা টুকুৰ হাড়েৰে
তোমালোকে দধীচি সজোৱা
তোমালোকৰ বাবে
মোক তোমালোকে উন্মাদ হ'বলৈ নক'বা।
No comments:
Post a Comment