কবি- এজোপা গোলাপ ফুল
কবি- নীলমণি ফুকন
পাঠ- প্ৰৱাল গোস্বামী
কোনেও নেদেখাকৈ মোৰ দেহৰ ভিতৰত মই
লুকুৱাই ৰাখিছোঁ এজোপা গোলাপ ফুল ।
ৰ'দ, পানী আৰু বতাহৰ পৰিবৰ্ত্তে তেজ খাই
মোৰ উশাহ সেৱন কৰি
মোৰ দেহৰ ভিতৰত জীয়াই আছে
এজোপা গোলাপ ফুল ।
প্ৰত্যেক সূৰ্যোদয়ত মোৰ এইজোপা গোলাপ ফুলে
একোটাকৈ কলি পেলায়,
প্ৰত্যেক সূৰ্যোদয়ত ফুলে তাৰ মাত্ৰ এপাহ ফুল।
সৰ্বাংগত বিয়পি পৰে সেই মাত্ৰ এপাহ ফুলৰ গোন্ধ
যেন অসংখ্য ক্ষুদ্ৰাতিক্ষুদ্ৰ বিষাক্ত সাপ
মোৰ মঙহৰ মাজেৰে, গাৰ ওপৰেৰে বগাই ফুৰে।
প্ৰত্যেক সূৰ্যোদয়ত মই অনুভৱ কৰোঁ
মোৰ দেহৰ ভিতৰত একুৰা জুই
ভৰিৰ তলুৱাৰ পৰা ক্ৰমান্বয়ে মূৰলৈ উঠে
আৰু চুলিৰ আগেদি আন্ধাৰত জাঁপ মাৰি পৰাৰ আগতেই
আকৌ বেলি ওলায়।
এজোপা গোলাপ ফুল__ প্ৰত্যেক সূৰ্যোদয়ত
মোৰ এইজোপা গোলাপ ফুলে
একোটাকৈ কলি পেলায়।
No comments:
Post a Comment