কবিতা- ভাবী প্ৰিয়া
কবি- আনন্দ চন্দ্ৰ বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
কোন তুমি কেনি আছা, কতেবা লুকাই
মাজে মাজে মাৰিছা ভুমুকি ?
নেদেখি দেখিছোঁ যেন, নুশুনি শুনিছোঁ
তোমাৰেই দীঘলীয়া উকি ।
প্ৰতিধ্বনি আহি যেন মোৰ মৰমত
ঠেকা খাই নিনাদি উঠিছে ;
বসন্ত বায়ুৰ দৰে তোমাৰ কথাটি
হৃদয়ত বিয়পি পৰিছে ।
নৱ পল্লৱিত মোৰ মানস কুঞ্জৰ
সেউজীয়া পাতৰ তলত ;
শুনিছো তোমাৰ যেন অমিয়া কন্ঠৰ
সুধা সুৰ মৃদু পঞ্চমত ।
কুসুম-কানন জিনি আছা যেন তুমি
আবেগত বিষাকুল হই
বৰণৰ মালাাধাৰি মোৰ ডিঙিতেই
হেঁপাহেৰে দিওঁ দিওঁকৈ ।
আশা মলয়াত উটি আহিছে তোমাৰ
প্ৰণয়ৰ পুত পৰিমল ;
তাতে মোৰ মউপিয়া মতলীয়া মন
ভাবি তৃপিতিত টলমল ।
নিচিনো নাজানো হায়, তোমাৰ ৰূপৰ
লেশমানো মূৰ্তি নাইকিয়া ;
তথাপিও আছা যেন হিয়াতে লুকাই
মূৰ্তিমতী তুমি প্ৰাণপ্ৰিয়া ।
তোমাৰ বুকুত যেন ৰেণু ৰেণু কই
মউপিয়া জনৰ কাৰণে ;
এথুপি সুৱদী মউ যাঁচিছা সদায়
নিজানত অতিকে গোপনে ।
তৰঙ্গ-কল্লোল প্ৰায় তোমাৰ কথাটি
উটি যায় দূৰ দূৰলই ;
চন্দ্ৰমা শীতল যেন তোমাৰ ছবিটি
চাপি আহে মোৰ কাষলই ।
পৰিছে বিয়পি যেন হাঁহিটি তোমাৰ
মোৰ দুটি চকুৰ আগত ;
বাজিছে কেনিবা যেন তোমাৰ সঙ্গীত
আজি মোৰ হিয়াৰ মাজত ।
শুনিছোঁ, শুনিছোঁ যেন লাগিছে মনত
প্ৰণয়ৰ থোকাথোকি স্বৰ ,
ওচৰতে আহি যেন দিছাহি সঁহাৰি
তোমাৰ-মোৰ ভাবী মিলনৰ ।
ৰিণিকি ৰিণিকি যেন দেখিছোঁ দূৰত
সউ মোৰ গভীৰ গৰিমা ;
কেনি যাওঁ কেনি যাওঁ কেনি গ'লে পাম
মোৰ সেই মানসী প্ৰতিমা ।
কোনে জানে, ক'ত তুমি, কেনিনো লুকাই
ফুলি আছা, মধুৰ হাঁহিটি ;
আঁৰে আঁৰে ফুলনিত কেনি আছা জুমি
নাই পোৱা একো গম-গতি ।
সোণালী সপোন এটি উটি ভাহি আহি
লাগিছেহি মোৰ দুচকুত ,
কলা ঘুমটিয়া মোৰ সুখৰ আৱেশ
জাগিছেহি নিজাম বুকুত ।
ক'ত যায় মেঘমলা চকুৰ আগেদি
উৰি যায় কত শত পখী ;
নিদিয়ে কোনেও ঠিক তোমাৰ বাতৰি
কয় মাথোঁ,__ আছে তোৰ সখী ।
মানস মাধুৰী মোৰ মাধৱী মূৰুতি
কোনে জানে কেনি আছা প্ৰিয়া ?
তোমাৰ সুৰতে বাজে মধুৰ বাঁহীটি
তোমাতেই নাচে মোৰ হিয়া ।
No comments:
Post a Comment