কবিতা- এই বাটে নাহিবা দুনাই
কবি- যতীন্দ্ৰনাথ দুৱৰা
পাঠ- প্ৰৱাল গোস্বামী
কেনি যোৱা বাটৰুৱা আন্ধাৰ বাটত ?
সমুখত মুকলি পথাৰ ,
আকাশ ধৰণী চুমে দূৰ দিগন্তত
ক'তো তাৰ নাই পাৰাপাৰ ।
বহুদূৰ বাট বুলি আহিছা ভাগৰি
যাবলৈয়ো আছে বহু বাট ;
দূৰত জিলিকা দেখি পোহৰৰ ৰেখা
ভাবিছা আশ্ৰয় পাবা তাত ?
আথে বেথে আগবাঢ়ি নিব কাষলই
পাবা কত আদৰ সাদৰ ,
চেনেহৰ মিঠা মাতে ধৰিব যোগান
পলুৱাবা প্ৰাণৰ ভাগৰ ?
দেখিছা দূৰত সৌ দ'লৰ কলচী
দেৱতা বিৰাজে ভিতৰত ;
শুনিবা পূজাৰ কত মঙ্গল উৰুলি
পুৱাতেই মন্দিৰ মাজত ?
কাষ চাপি দেৱতাৰ চৰণ তলত
দিবা ঢালি প্ৰাণৰ আৰতি ;
অতৃপ্তিত তৃপিতিৰ আশীষ লভিবা
ভকতিৰে জনাবা প্ৰণতি ?
ভাবিছা ইবাৰ তুমি পাবা ইয়াতেই
অশান্তিত শান্তিৰ জিৰণি ,
এই ঘাটতেই কত হাবিয়াস কৰি
বান্ধিবাহি জীৱন তৰণি ?
মিছা আশা বাটৰুৱা সকলো কল্পনা
মায়া জুই, ৰেখা পোহৰৰ ;
নহয় আশ্ৰয় স্থল বাটৰ মুখত
চাকনৈয়া মাথো বিপদৰ ।
এবাৰ পাৰিলে আহি ইয়াৰ মাজত
উৱাদিহ নোৱাৰা ধৰিব ,
আজীৱন ঘূৰি ফুৰি আন্ধাৰে মুধাৰে
ব্যুহচক্ৰ নোৱাৰা ভেদিব ।
আন্ধাৰতে শেষ হ'ব জীৱন তোমাৰ
পোহৰৰ ৰেখা আঁতৰিব;
এটি মাথো হুমুনিয়া বতাহ বুকুত
শূন্যে শূন্যে ওপঙি ফুৰিব ।
দুৰৰ মন্দিৰ যিটো অতি আচৰিত
সিয়ে মাথো মায়া মৰীচিকা ;
নাই তাত দেৱতাৰ পূজা আয়োজন,
মিছাতেই দেখিছা জিলিকা ।
শুনা সেই শতশত কৰুণ কান্দোন,
দেৱতাৰ চৰণ ধিয়াই ,
আন্ধাৰৰ বুকু ফালি উঠে নিতে নিতে ,
শূন্যতেই উঠি মাৰ যায় ।
যোৱা ঘূৰি অহাবাটে নৰবা ইয়াত
এতিয়াও থাকোতে সময় ,
যিমান দীঘল হক আগুৱা তথাপি
সুখৰ দুখৰ বোজা লই ।
জুহালৰ কাষ চাপি বহি অকলেই
বিষাদৰ টোকা চকুপানী ,
অন্তৰৰ জ্বলা জুই আপুনি নুমাই
জীৱনত শান্তি দিবা আনি ।
পছিমত মাৰ যোৱা হেঙুলী কিৰণে
উজলাব জীবনৰ বাট,
সন্ধিয়া জিলিকা সৌ সুদূৰ দেশত
আপুনি আশ্ৰয় পাবা তাত ।
মুকলি চকুৰে চোৱা সুন্দৰ জগত,
মেলি দিয়া অন্তৰ দাপোণ ,
দেখা পাবা মৰণৰ আন্ধাৰ পাৰত
জীৱনৰ মধুৰ সপোন ।
সৰা পাত জাৰকালি উপচি পৰিব,
সেয়ে দিব বাট দেখুৱাই ,
বাটৰুৱা যোৱা তুমি নিজ ঘৰলই
এই বাটে নাহিবা দুনাই ।
No comments:
Post a Comment