কবিতা- হনুমানৰ বস্ত্ৰহৰণ
কবি- অতুলচন্দ্ৰ হাজৰিকা
পাঠ- প্ৰৱাল গোস্বামী
(১)
হনুমানৰ বস্ত্ৰহৰণৰ কথা
ৰামায়ণত নাই
মূল পুথিৰ সেই পাতখিলা
উয়ে পেলালে খাই ।
(২)
হাফলুৰ পৰা ওলোৱা মুনিয়ে
দুনাই নেলেখি তাক
কাত্যায়নী প্ৰেছলৈ দিলে পঠিয়াই
নুশুনিলে কাৰো হাক ।
(৩)
ভাৰত চৰ্কাৰৰ বেতাৰ বিভাগে
প্ৰচাৰ কৰিলে তাৰ
প্ৰেছৰ পৰা ওলোৱা মাত্ৰকে
লাগি গ'ল তোলপাৰ ।
(৪)
সিদিনাৰ পৰা হল ৰামায়ণ
বস্ত্ৰহৰণ হীন,
হনু-বংশধৰ হল দিগম্বৰ
ডালত কটায় দিন ।
(৫)
শুনা এবে কও লুপুত কাহিনী
যদিত গুপুত অতি
পৱননন্দন বীৰ হনুমান
কিস্কিন্ধ্যাৰ সেনাপতি ।
(৬)
মহা বলযুত শ্ৰীৰামৰ দূত
লঙ্কালৈ মাৰিলে জাপ,
একেটা জাপতে সাগৰ চেৰালে
পালেগৈ অশোকৰ ঢাপ ।
(৭)
অপেস্বৰাবিলাকে ফুল বৰষিলে
আকাশীপথত ৰৈ__
দীঘল জাপৰ সেই যে ৰেকৰ্ড
ৰল চিৰস্থায়ী হৈ ।
(৮)
হনুৱে বুলিলে সীতা গোঁসানীক
"নাই আৰু একো ভয়,
লঙ্কাত বাজিব ৰামৰ ডঙ্কা
নিশ্চয় বুলিলো মই ।
(৯)
চকুপানী মচি আই তুমি মোক
দিয়া এটি জলপান
ৰামৰ কটকী তোমাৰ সেৱক
মই বীৰ হনুমান ।
(১০)
যদিহে জননী ! লাগিছে আমনি
নোখোজো চাবলৈ বাট,
এতিয়াই নিম পিঠি পাতি দিলো
উঠা মোৰ বোকোছাত ।"
(১১)
সীতাই বুলিলে__ "সাদৰী সোণাই !
নালাগে কৰিব কষ্ট
আহক গোঁসাই, ৰম বাট চাই
ৰক্ষকুল হক নষ্ট ।
(১২)
লঙ্কাত এতিয়া ৰেছনিং চলিছে
ৰণৰ বতৰা পাই
জেলৰ মাজত তোমাক দিবলৈ
একোৰে একোটো নাই ।
(১৩)
ওচৰতে আছে সৌ মধুবন
তাতে চেষ্টা কৰি চোৱা
গুচাই তোমাৰ পেটৰ পোৰণি
প্ৰভুৰ কাষলৈ যোৱা ।‘’
(১৪)
লুভীয়া হনুৱে উঠি ততালিকে
সৌ মধুবন পাই__
চুঙা দুটা যেন দীঘল ঠেঙাটো
থই ললে সোলোকাই ।
(১৫)
চৰিয়াৰ দৰে মূৰৰ হেটটো
গছৰ তলত থৈ
‘জয় হিন্দ’ বুলি জাপ এটা মাৰি
ৰঙতে বিতত হৈ
(১৬)
উঠিল গছত সুমালে মুখত
পকা পকা মধুফল
অশোক বনৰ জেল-দাৰোগাই
মুখ মেলি চাই ৰ’ল ।
(১৭)
ৰাক্ষসৰক্ষিত মধুফলবোৰ
বনৰ বান্দৰে খালে,
ৰখীয়াবিলাকে ধৰ ধৰ কৰি
আটাহত গগন ফালে ।
(১৮)
নেদেখি উপায় বস্ত্ৰখিনিকেই
গছৰ তলত পাই
ৰাক্ষসবিলাকে ললে ভাৰ বান্ধি
নহলে চাকৰি যায় ।
(১৯)
ৰাক্ষস সভাত কৰিলে দাখিল
সেই কাপোৰৰ ভাৰ,
ৰাৱণে সুধিলে চকু ৰঙা কৰি_
‘’বস্ত্ৰ হৰণ কাৰ ?’’
(২০)
ৰাক্ষসে বুলিলে_ হাত যোৰ কৰি
‘’মলুৱা বান্দৰ আহি
মধুফল খাই টহিলং কৰিলে
গছৰ ডালত বহি ।
(২১)
তাৰ পিছত ঘটনা অতি সাধাৰণ
সকলো মানুহে জানে,
মেঘনাদৰ হাতত বন্দী হল হনু
নোৱাৰিলে ধৰিব আনে ।
(২২)
ৰাক্ষস জজৰ আদালত বহি
দিলে প্ৰাণদণ্ডৰ ৰায়__
‘’পুৰি পুৰি তাক মাৰিব লাগিব
মৰিও যেন শিক্ষা পায় ।“
(২৩)
দীঘল নেজত কাপোৰ মেৰিয়ালে
মেজি এটা যেন কৰি
গেলনে গেলনে পেট্ৰল ঢালিলে
দিলে জুইশলা মাৰি ।
(২৪)
ৰঙা জিভা মেলি জুই শিখাবোৰে
পালেগৈ মেঘৰ কাষ__
ধিন্দাও খিটাও মাৰি হনুমানে
লঙ্কা কৰিলে নাশ ।
(২৫)
সোণৰ লঙ্কা পুৰি ভষ্ম হল
উঠিল প্ৰলয় গান__
নেজৰ অগনি মুখেৰে নুমাই
মুখপোৰা হনুমান ।
(২৬)
হনুৰ সেই ঠেঙা টুপীযোৰ
নিলামৰ ব্যৱস্থা হল,
দলে দলে আহি ৰাক্ষস-মহাজন
দেখিলে টকাৰ বল ।
(২৭)
আছিল তেতিয়া লঙ্কাত যিজন
বিলাতৰ ৰাষ্ট্ৰদূত
তেওঁৰে নামত ডাক শেষ হল
গণি দিলে এশ নোট ।
(২৮)
বিলাতলৈ তেওঁ সেই বস্তুখিনি
পঠালে পাৰ্চেল কৰি
ঠেঙা-টুপী পিন্ধা চাহাববিলাক
হল যে সিদিন ধৰি ।
(২৯)
চাহাবী সাজৰ মূল কিস্কিন্ধ্যাত
বান্দৰীবিলাকে সজা
ৰাক্ষসে কৰিলে বস্ত্ৰহৰণ
চাহাবে লুটিলে মজা ।
(৩০)
আজিও চাহাবে ফিতাহি মাৰিছে
হনুৰ বস্ত্ৰকে পাই__
পাশ্চাত্য সভ্যতাৰ জনক হনুৰ
জয়ধ্বনি দিয়া ভাই ।
No comments:
Post a Comment