কবিতা- জনমভূমি
কবি- এম ইব্ৰাহীম আলী
পাঠ- প্ৰৱাল গোস্বামী
যিখনি দেশত জনম লভিছোঁ
সিখনি আমাৰ জনমভূমি
জনমে মৰণে সিখন দেশক
সাৱটি ধৰিম চৰণ চুমি ।
পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা
ই হেন চিকুণী চেনেহী দেশ
অতিকে আপোন অতিকে শুৱনি
সুজলা সুফলা সেউজী বেশ ।
সাগৰে ধুৱায় চৰণ দুখনি
শিতানৰ সৌ পৰ্বত শাৰী
ভৈয়ামখনিৰ বহল বুকুত
দুৱৰিয়ে দিয়ে দলিছা পাৰি ।
আকাশত জানো তৰা অগণন
পৃথিৱীত ফুলে কিমান ফুল
পুৱা সূৰুযৰ হেঙুলি পোহৰ
সন্ধিয়া বেলিৰ সোণালী বোল ।
ইখনি দেশত আইৰ চেনেহ
পিতাৰ মৰম উপচি পৰে
ভাই-ভণ্টিয়ে সুৱদি মাতেৰে
পৃথিৱীখনকে সুৱদি কৰে ।
আপোন আপোন অতিকে আপোন
হে মোৰ মৰমী স্বদেশ ভূমি
জীৱনে মৰমে তোমাক সেৱিম
স্বৰ্গটো অধিক জনমভূমি ।
No comments:
Post a Comment