কবিতা- প্ৰশস্তি
কবি- ৰঘুনাথ চৌধাৰী
পাঠ- প্ৰৱাল গোস্বামী
ঊষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা
দশোদিশ উদ্ভাসিত কৰি,
নৱ কিশলয়দলে চামৰ ধূলাই
প্ৰকৃতিক আনিলে সাদৰি ।
কৰি চিত্তহাৰী যত ফুল্ল কুসুমৰ
আনন্দত প্ৰাণ টলমল,
মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে যাচি প্ৰেম-পৰিমল ।
উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান__
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান ।
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী ।
মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান__
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান ।
No comments:
Post a Comment