কবিতা-ৰ'দৰ আত্মজ
কবি- সনন্ত তাঁতি
পাঠ- প্ৰৱাল গোস্বামী
ৰ'দেপোৰা মোৰ ৰঙৰ সতে মই ৰ'দৰেই আত্মজ
তেজৰ, জলৰ দৰে বৈ যোৱা মোৰ স্বেদ-ৰক্তবিন্দুৰ
সকলো সোৱাদ
মাটিয়ে জানে
জানে বননিৰ গছ বৃক্ষ জলাশয়ে
জানে ৰ'দেপোৰা গন্ধে আকুল আকাশে
মই এজন কবি
সাম্প্ৰতিক অসমীয়া কবি
দুই হাতেৰে শস্যৰ খেতি কৰোঁ
ৰক্ত দি মোৰ বীৰ্যত সাহস দি মাটি তৈয়াৰ কৰোঁ
পুৱাৰ আচ্ছন্ন পোহৰত মোৰ গীত চোতালৰ পৰা চোতাললৈকে
ঘৰৰ পৰা ঘৰলৈকে
সীমাৰ পৰা সীমালৈকে
আছাৰ খাই ভাঙি ভাঙি পৰে
মোৰ সীমা ভাঙি উঠা ৰ'দৰ শৰীৰ মই জিভাৰে মৰম কৰোঁ
মোৰ চুমাৰ শব্দত বাটেৰে গৈ থকা মানুহৰ আত্মধ্বনি বাঢ়ে
মোৰ চুমাৰ শব্দত মানুহৰ সবল বুকুত জন্ম লয় যুদ্ধৰ সন্তান
মই একোৱেই নহয়
সাম্প্ৰতিক বতাহত উৰি যোৱা যুদ্ধৰ ভাষাত মই এজন কবি
শব্দৰ খেতিয়ক মাথোঁ এজন অসমীয়া কবি
ৰ'দেপোৰা মোৰ ৰঙৰ স'তে
মই ৰ'দৰেই আত্মজ
No comments:
Post a Comment