কবিতা- ফাগুন নিশা
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
আজি এই স্বপ্নাতুৰ ৰঙৰ ফাগুন নিশা
জুইৰ কাষত বহি, তুমি গাখীৰ বগা দেখিছা
সপোন, তোমাৰ শেৱালি পাহি চকুৰ আঁৰত
ক'ত যুগ যুগান্তৰে সাঁচি থোৱা ভৱিষ্যৰ স্বপ্নজাল
কঁপি উঠি তোমাক কৰিছে আজি ফাগুন পাগলী । মই
জানো__ আৰু কোনেও নাজানে সোণ ।
মই কবি__ শুকান পদুম পাতত তুলিকাৰে ৰং সানি
আঁকি যাওঁ ছ্বি__ জীৱনৰ মৰহা গানৰ ।
তাত তুমি__ আৰু তোমাৰ কাষৰতে বহা আজিৰ
এই স্নান সন্ধিয়াৰ নতুন আলহী। সপোনবোৰ
সঁচাই মধুৰ আৰু কল্পনাবোৰ ? সেইবোৰ একা ?
সেই সপোনত সোণ- এটি বাৰ চাইছানে ভাবি ?
আছে কত ল'ৰাৰ কান্দোন আৰু জীৱনৰ
বাজেট, নিমিলা সংসাৰৰ ছন্দহীন সুৰ ?
চাউলৰ দাম আৰু মাছৰ মহঙা। আলু কচু
বেঙেনাৰ হিছাপ বহীত লেখা প্রতি পদে পদে
ভুল হৈ যোৱা অঙ্কৰ সাঁথৰ ?
আজি এই ৰাঙলী ফাগুন নিশা মই জানো
সোণ, সেইবোৰ কোনোবা অজান্তি মুলুকৰ এন্ধাৰ
গুহাত এৰি তুমি ৰচিছা সৰগ।
সৰগ জানো আছে সোণ ? সৰগ জানো সঁচা ?
সৰগ আৰু এই মাটিৰ পৃথিৱী। সমস্যাৰ
চীনৰ প্ৰাচীৰে সপোনৰ ৰং মচি জীৱনক
কৰিছে চাহাৰা। দুৰৈৰ বাহত বহি কাউৰীজনীয়ে
তাৰেই কৰুণ বাণী বাস্তৱত ৰূপ দিয়ে ৰিঙিয়াই কান্দি।
নুমাওঁ নুমাওঁ কৰা হোমৰ ৰঙা আঙঠাত জ্বলে
জীৱনৰ মৰিশালি— তিলে তিলে কলহৰ কাণেৰে
বগা ৰঙা শোণিতৰ তপত বানৰ জোৱাৰ বৈ যায়।
আৰু তাত? তুমি আৰু তোমাৰ আজিৰ এই ফাগুন
নিশাৰ নতুন আলহী। জীৱন সংগ্ৰামত যুঁজি যুঁজি
শ্রান্ত হোৱা দুটি মাথোঁ মানুহৰ জঁকা ।
আৰু কেউফালে শ্মশানৰ আৰ্ত্তনাদ।
কাউৰীৰ কোলাহল; শিয়ালৰ ডাক আৰু ফেঁচাৰ কুৰুলি।
আমাৰ অঙ্ক মিলিব জানো ? আমাৰ জীৱনত
সূৰ্য্য জানো জিলিমিলি পোহৰেৰে দেখা দিব
কোনোকালে ?
No comments:
Post a Comment