Thursday, December 1, 2022

ফুলকোৱঁৰ

কবিতা- ফুলকোৱঁৰ কবি- অতুল চন্দ্ৰ হাজৰিকা পাঠ- প্ৰৱাল গোস্বামী


সাজি পাৰি আহিল আজি কোন ৰূপহীৰ বৰ ? মালিনীৰ ঘৰত কদম তলত তাৰেই পয়োভৰ ! পখিৰাজত আহিল কোৱঁৰ সখীৰ বতৰা পাই ; ওলাই আঁহা ৰূপকুৱঁৰি ! মাটিত মঙল চাই । সেউতী ফুলিল, মালতী ফুলিল ফুলিল খৰিকাজাঁই— গথা যে হল বৰণৰ মালা ৰবৰ সকাম নাই ! শুৱনি তোমাৰ লৱণু তনুৰ জেউতি চৰিব ভাল ; ফুলকোৱঁৰে সাৱটি বুকুত চুমাৰে ভৰাব গাল ৷ পুৱাৰ পৰাই কইনা হই পিন্ধি আছা সাজ ; মেলি দিয়া সখি, হিয়াৰ দুৱাৰ আৰু কিহৰ লাজ ! দেখি ই ছবি ৰচিছে কবি প্ৰেমৰ নতুন গান ; কবিতা ফুলৰ এই মালাধাৰি ফুলকোৱঁৰৰ দান ।



No comments:

Post a Comment