কবিতা- অতীত ভৱিষ্যত
কবি- যতীন্দ্ৰ নাথ দুৱৰা
পাঠ- প্ৰৱাল গোস্বামী
তুমি মোক ক'লা কাণে কাণে
অতীতক নানিবা দুনাই,অতীতেই মোহিনী বেশেৰে
দিলে হেনো অবাট চিনাই।
জীৱনৰ উখৰা বাটত
আছে জানো চিনাকী অচিন,
তোমাকেই সুধিছো সাদৰি
পোৱা জানো কিবা তাৰ চিন?
পছিমৰ দুৰ আকাশত
জ্বলে মানে হেঙুলী দাপোণ
গই থকা বাটৰ আগেদি
নাচি যায় সোণালী সপোন।
ধীৰে ধীৰে নামিলে আন্ধাৰ
পৰ্ব্বতে ভৈয়ামে মিলি যায়;
এৰি অহা দীঘলীয়া পথ
হেঁপাহেৰে ঘূৰি ঘূৰি চায়।
সমুখৰ অচিন বাটত
আন্ধাৰেই লগৰীয়া তাৰ,
অতীতৰ জোনাকী কিৰণে
দেখুৱাই দূৰৰ আন্ধাৰ।
তেনে এটি আন্ধাৰ ক্ষণত
অতীতেহে ভৱিষ্য চিনায়,
নামি অহা গধূলি পৰত
নতুন ভৱিষ্য আৰু নাই।
আজি এই বিয়লি বেলিকা
হেঙুলীয়া সপোনৰো ওৰ,
জীৱনৰ নিজান বাটত
অতীতেই ভৱিষ্যত মোৰ।
No comments:
Post a Comment