Saturday, March 30, 2019

কবি মহেন্দ্ৰ বৰাদেৱৰ কবিতা "সাপ"

কবিতা- সাপ
কবি- মহেন্দ্ৰ বৰা
পাঠ- প্ৰৱাল গোস্বামী


অসহ্য সুন্দৰ লাগে সোণালী ৰ’দৰ বৰ্ণালী পৰি
স্থিৰ অচঞ্চল স্বপ্নৰ দৰে এটা উজ্জ্বল সাপ|

কুঁৱলীৰ দৰে ৰহস্যময় সদ্যোজাত শিশুৰ দৰে কোমল
অপূৰ্ব্ব তাৰ দেহৰ বৰণ|

স্বপ্ন ভঙাৰ উন্মাদনাত তাৰ সোণালী দেহৰ
প্ৰতি গ্ৰন্থিচক্ৰে জাগি উঠে প্ৰাণচাঞ্চল্যৰ উৰ্ম্মি|

গতিৰ শিহৰণ জাগে প্ৰতি অঙ্গে প্ৰতি ছন্দে
দিনৰ পাছত ৰাতি আন্ধাৰৰ দৰে
সি মোক খেদি আহে|

 মোৰ পলৰীয়া দেহৰ প্ৰতি নিশ্বাসত ক্লান্তি নামে;
কোনো এক মৃত্যুস্নাত মুহূৰ্ত্তৰ দৰে অৱসন্ন হৈ পৰোঁ|

তাৰ বিচিত্ৰ ছন্দ মোৰ জীৱন-নদীৰ মোহনাত
অনুভৱ কৰোঁ,
আৰু তাৰ সাগৰৰ দৰে উত্তাল মৃত্যুৰ দৰে স্নিগ্ধ
কি নিবিড় সেই আকৰ্ষণ!

মই যেন তাৰ আলিঙ্গনৰ আগ্নেয় উত্তাপত
গলি শেষ হৈ যাম|

জীৱনৰ নিষ্ফল আক্ৰোশ জ্বলি-পুৰি মৰে
প্ৰেম আৰু মৃত্যুৰ অগ্নিশিখাৰ পোহৰত
জীৱন্ত বিমুগ্ধ আত্মা|

আশ্চৰ্য্য তোমাৰ সৰীসৃপ আকৰ্ষণ,
হে অনন্যা, তুমি আনা, আনা প্ৰাণবন্যা!


No comments:

Post a Comment