কবিতা- কোন দেশৰ প্ৰাণী তুমি
কবি- চন্দ্ৰকুমাৰ আগৰৱালা
পাঠ- প্ৰৱাল গোস্বামী
ফুটুকীয়া সাজ তোমাৰ
হেঙুলীয়া ৰেখা,
কেতুকী ৰেণুৰে ঘঁহা নাচনী পখিলা।
আগলি পাতত বহি তুমি
ৰ'দ-কাচলি লোৱা
ফুলৰ পাহিত আসন পাতি
ফুলৰ মৌ খোৱা।
মলয়াৰ ছাটি নাচি আহে গা
খৰ-বাগৰ মাৰি,
তাতে তুমি উটি যোৱা
পুলুকাটি মাৰি।
মেঘলৈকো যোৱা দেখোঁ
স্বৰ্গৰ কথা কোৱা,
দেৱকন্যাৰ খোপাত তুমি
অলঙ্কাৰ হোৱা।
ৰ'দে-ছায়ে মিলি তোমাক
ধুনীয়াটি কৰে
কুঁহিলা যেন গাটি তোমাৰ
কেনে বৰণ ধৰে।
শূন্যৰ কোলাত গা ঘেলাই
পানীতে মুখ চোৱা
পদুমফুলৰ চাকত পৰি
তাতে মোহ যোৱা।
বনৰ মাজত পাতৰ আঁৰত
ক'ত তোমাৰ ঘৰ
কোন দেশৰ প্ৰাণী তুমি
কলৈ মাৰা লৰ?
No comments:
Post a Comment