কবিতা- এটা ৰোমান্টিক কবিতা
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
মোৰ বন্ধ কোঠাত এডাল মমৰ পোহৰ,
অলপ পোহৰ আৰু বহুত এন্ধাৰ।
বাহিৰত জোনাকীৰ ঢিমিক-ঢামাক,
এধানি পোহৰ আৰু সাগৰ এন্ধাৰ।
এযুৰি নয়ন, কাৰোবাৰ, তৰা যেন জ্বলে,
মমৰ পোহৰ। অস্পষ্ট এন্ধাৰ আৰু গভীৰ আৱেগ।
মনৰ পৰ্দাত তাৰে জিলিমিলি ৰূপ।
বাহিৰত এবুকু এন্ধাৰ।
মনৰ কোঠাত মোৰ বহুত কথাৰ সোঁত,
উজনি নামনি যেন বালিমাহীৰ জাক।
সোণপাহী, বহা। মোৰ কাষৰতে বহা।
চুলিৰ তোমাৰ আঁউসী এন্ধাৰে মোৰ
জীৱন জ্বলাওক। কামনাৰ জুইকুৰা
ছাই হৈ যাওক। মোৰ বন্ধ কোঠাৰ তুমি
জ্বলি থকা মম। বাহিৰত জোনাকীৰ
ঢিমিক- ঢামাক।
অস্পষ্ট এন্ধাৰ আৰু এবুকু মৰম।
No comments:
Post a Comment