Tuesday, July 30, 2019

কবি সিংহ দত্ত অধিকাৰীদেৱৰ কবিতা ''সন্ধিয়া''

কবিতা- সন্ধিয়া
কবি-সিংহ দত্ত অধিকাৰী
পাঠ- প্ৰৱাল গোস্বামী


সন্ধিয়াৰ ৰঙা বেলি ধীৰে ধীৰে গই
পছিমাকাশত ডুবি গ'ল;
পেঁপাটি মুখত লই গৰখীয়া ল'ৰা
গৰু স'তে ঘৰমুৱা হ'ল।
ফুলোঁ ফুলোঁ গোলাপৰ ধুনীয়া কলিটি
মলয়াৰ ধীৰ ছাটি পাই
ৰঙতে বিভোল দেহি, নাচিব ধৰিলে
নিজৰ জেউতি নিজে চাই।

মৃণাল ভুঞ্জিব এৰি ৰাজহাঁহ-জাক
দিহা-দিহি গ'ল এৰি বিল;
ফিৰিলে ঘাটৰ পৰা বোৱাৰী জীয়ৰী,
সন্ধিয়াৰ চাকিটি জলিল।

হাটৰুৱা বাটৰুৱা চাপিলেহি ঘৰ,
শেৱালিৰ বলিল সুবাস;
পূব আকাশৰ পৰা ক'লা ঢাকনিয়ে
দেখুৱালে নিশাৰ আভাস।

লুইতৰ পাৰে পাৰে নাৱৰীয়াবোৰে
ধীৰে ধীৰে বান্ধিলেহি নাও;
গাঁৱৰ দৌলৰ পৰা দবা-শঙ্খ-ধ্বনি
বিয়পিলে সন্ধিয়াৰ ৰাও।


No comments:

Post a Comment