কবিতা- এটা আৱিষ্কাৰ
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
মোৰ মগজুত এটা পোকে
কামুৰিয়েই আছে,
কণ কণ মইনাহঁতে নিগনি দাঁতেৰে
ডাঁহেচীয়া মধুৰি আম দকচাৰ দৰে।
মই কথা পাতোঁ,
ৰাজনীতি আৰু বিলাহী বেঙেনাৰ।
ৰাজনীতি,
নিপোটল গাভৰুৰ বুকুৰ আস্বাদ;
চকলাচকলকৈ অশৰীৰী হাতেৰে
সজাই থোৱা কেঁচা বিলাহীৰ দৰে,
মন ই উতলা কৰে।
মোৰ মগজুত এটা পোকে
কামুৰিয়েই আছে,
দিগবলয় খেদি উন্মাদ হোৱা
উন্মত্তৰ দৰে, একে অৰিহণা।
বিজ্ঞৰ দৰে মাজে মাজে
ই মাথোঁ কয়ঃ
"জীৱনটো অশ্বাৰোহীৰ অভিযান
__আবেগক সাৰোগত কৰা।
No comments:
Post a Comment