কবিতা- আকাৰ আছে, মানুহ নাই
কবি- অম্বিকাগিৰি ৰায়চৌধুৰী
পাঠ- প্ৰৱাল গোস্বামী
মানুহ নাই_মানুহ নাই_
দুই হাত, দুই ভৰি আছে,
কৰ্ম্ম কুশল চলন নাই,
মানুহ নাই_মানুহ নাই_
দুই কাণ, দুই চকু আছে,
দূৰদৃষ্টি-শ্ৰৱণ নাই,
মানুহ নাই_মানুহ নাই_
মূৰ আছে, মগজু নাই,
মগজু আছে, বুদ্ধি নাই,
বুদ্ধি আছে কিটিপ নাই,
কিটিপ আছে কলা নাই,
তত্ আছে বোধ নাই,
কলিজা আছে, সাহ নাই,
তেজ আছে, তাপ নাই,
মন আছে, ধ্যান আছে,
ভাৱ আছে, দৃঢ়তা নাই,
জীৱন আছে, জেউতি নাই,
ভেম আছে, বিবেক নাই,
স্থিতি আছে, গতি নাই,
জিভা আছে, সুৰুচি নাই,
ছাল আছে, সুস্পৰ্শ নাই,
আকাঙ্ক্ষা আছে, উদ্যোগ নাই,
ধূৰ্ত্তালী আছে, সততা নাই,
বুকু আছে, হৃদয় নাই,
হৃদয় আছে, মহত্ব নাই,
মিথ্যাচাৰ আছে, সত্যাচাৰ নাই,
ধাৰণা আছে, বিশ্বাস নাই,
মৰখক আছে, ত্যাগ নাই,
দুৰ্নীতি আছে, সুনীতি নাই,
আকাশৰূপী মানুহ আছে,
আত্মাৰূপী আলোক নাই,
এই তো নহয় আত্মাবাদী নৰ-জীৱনৰ আচল ৰূপ
কলুষ এৰি জীৱন-ধামত জ্বলোৱা নিকাৰ আলোক ধূপ।
No comments:
Post a Comment