কবিতা-নীল নক্ষত্ৰ
কবি- হীৰেন ভট্টাচাৰ্য
পাঠ- প্ৰৱাল গোস্বামী
ময়ো আকাশৰ দুৱাৰৰখীয়া আছিলোঁ ।
মেঘ-তৰা-নক্ষত্ৰখচিত আকাশলৈ চাই
কেতিয়াবা গানো গাইছিলোঁ হ’বলা ।
তেতিয়া মোৰ বয়স আছিল কুৰি বা
ঠিক তেনেকুৱাই কিবা এটা । তাৰ পিছত,
কেতিয়া যে তৰাবাহী মেঘবোৰ গুৰি হৈ হৈ
ক্ৰমে নিঃশেষ হৈ গল, কোনে যে নিঠুৰ
নখেৰে ছিঙি লৈ গল নীল নক্ষত্ৰ !
আকাশতকৈ সঁচা হ’ল মোৰ আতংক,
প্ৰেমতকৈ মহীয়ান হল নিৰুক্ত কিছুমান শব্দ !
আজি বয়স গৈ-গৈ দুকুৰিৰ ওচৰত মই
আকৌ থমক খাই ৰ’লো ।
হাতৰ মুঠিৰ আহত গোলাপপাহিলৈ চাই ভাবিছোঁ :
মই আজন্ম তোমাৰেই গানৰ কবি ;
হৃদয়ত মোৰ নীল নক্ষত্ৰৰ আনন্দ !
No comments:
Post a Comment