যাৰ সেওঁতাত মই ৰঙ লগাম
কবিতা- যাৰ সেওঁতাত মই ৰঙ লগাম
কবি- নীলিম কুমাৰ
পাঠ- প্ৰৱাল গোস্বামী
যিয়ে মোক অতীতৰ ৰাতিবোৰ মনত পেলাবলৈ নিদিব,
যিয়ে মৰ্মান্তিক 'শুভৰাত্ৰি' আৰু সুপ্ৰভাতেৰে বিদ্ধ কৰিব,
যিয়ে মোক তেওঁৰ চকুপানীৰ ৰঙেৰে
সৰু সৰু সপোনবোৰ অঁকাৰ কথা ক'ব,
মোৰ স'তে খোৱা মেজত একেলগে বহিবলৈ, ফনিয়াই দিবলৈ মোৰ চুলিৰ অস্থিৰতা,
মোৰ গাৰুত এটা গিলিপ লগাই দিবলৈ,
বিছনাত পাৰি দিবলৈ শীতল চাদৰ আৰু
মোৰ নিচাৰ অন্ধকাৰবোৰ মছি দিবলৈ যি আহিব,
যিয়ে মোক দান কৰিব তেওঁৰ দৃষ্টি আৰু স্পৰ্শৰ আনন্দ,
যি লতাৰ দৰে মেৰিয়াই ধৰিব মোৰ দুবাহু কোনো ৰাতিত,
মোৰ বুকুত পাক খাই পৰি থাকিব যাৰ চুলিৰ নিদ্ৰা
যিয়ে মোৰ ৰঙা চোলাবোৰ লুকুৱাই থ'ব,
প্ৰিয় চিঠিবোৰ পুৰি পেলাব,
পুৰণি কবিতাবোৰ সযতনে থৈ দিব
যিবোৰ তেওঁ নুবুজা বাবে মাৰাত্মক নহয়!
আৰু যি দিনে দিনে মোৰ অচিনাকী হৈ আহিব,
বুকুৰ মাজৰপৰা দূৰলৈ দূৰলৈ গুচি যাব!
মোৰ বিষাদক আৰু বেছি গধুৰ কৰি তুলিবলৈ তেওঁ আহিব খুজিছে নেকি,
যাৰ সেওঁতাত মই ৰঙ লগাম!
No comments:
Post a Comment