কবিতা- মই জানো
কবি- নিৰ্মলপ্ৰভা বৰদলৈ
পাঠ- প্ৰৱাল গোস্বামী
মই জানো,
মই তোমাক
'আই' বুলি কেৱল মাতিলেই নহয়
তোমাৰ অস্তিত্ব অৰ্থময় কৰি
ৰাখিবৰ বাবে
মোৰ পৌৰুষ ৰোপিত হ'ব লাগিব
মাটিত।
সুউচ্চ পৰ্বতৰ কঠিনতাৰে
মই বাধা দিব পাৰিব লাগিব
ধুমুহা,
নদীৰ কোমলতাৰে
তোমাক কৰিব লাগিব মই
শ্ৰীময়ী।
মোৰ সতৰ্কতাৰ স্নিগ্ধতাত
তুমি টোপনি যাবা
প্ৰতি প্ৰভাতৰ শুভকৰ্ম
গুন গুন ধ্বনি তোমাৰ হ'ব
জাগৰণী গীত।
তোমাৰ হেঙুলীয়া উম
আৰু মোৰ দৃপ্ততাৰ
তেজৰ লক্ষণ একে হ'ব লাগিব
তেতিয়াহে তুমি মোৰ
আই, মই তোমাৰ সন্তান
নহ'লে তোমাক আই বুলি
মতাৰ মোৰ
অধিকাৰ ক'ত? ?
No comments:
Post a Comment