Thursday, June 4, 2020

সাক্ষী

কবিতা- সাক্ষী

কবি- লক্ষ্মীনাথ ফুকন

পাঠ- প্ৰৱাল গোস্বামী

দেখা পাই কিয়বা লুকালাঁ, মণিটিযে সুলকি পৰিল? আঁচলৰ আগটিতে লাগি ফুলৰোযে পাহিটি সৰিল। নেভাবিবা তুমি গুচি গ'লে চিন তাৰ একো নেথাকিব; তুমি আজি আহিছিলাঁ বুলি কেৱে তাৰ প্ৰমাণ নিদিব। এতিয়াও দূবৰি-ডৰাত পৰি আছে চৰণৰ ছাব; এতিয়াও পখিলা-শাৰীৰ কিবা এটি আমোলন ভাব। এতিয়াও গছৰ পাতত লাগি আছে উশাহ তোমাৰ; এতিয়াও তোমাৰ সুবাসে মলয়ক দিছে সুধা-ধাৰ। এতিয়াও লাজুকী বনৰ গুচা নাই কুঁচি-মুচি ভাও; এতিয়াও মউ-মাখিবোৰে কাঢ়িয়ে ফুৰিছে হামৰাও। এতিয়াও তোমাৰ গানৰ হোৱা নাই প্ৰতিধ্বনি শেষ; এতিয়াও নীৰলে পখীটি গীত এৰি তন্দ্ৰাতে আৱেশ। কেনিবাদি তৰাটিয়ে আজি ইয়াতেহে আছেহি লুকাই তোমাৰেহে বাতৰি প্ৰচাৰি আকাশত জলিব দুনাই।








No comments:

Post a Comment