অমানিশা
কবিতা- অমানিশা
কবি- শৈলধৰ ৰাজখোৱা
পাঠ- প্ৰৱাল গোস্বামী
খোপাত পিন্ধিলি তৰা-ফুল তই মুখত বিজুলী-হাঁহি,
ৰিহা-আঁচলত জোনাকী-মুকুতা, আকৌ ওলালি সাজি,
ক'লী-মলী আজি ৰমক-জমক সাজেৰে সাজি,
কোন পিশাচৰ মনৰ কামনা পূৰাবি পিশাচী আজি?
এটি দুটি কৰি তৰা-ফুল দেখোঁ খহালি খোপাৰ পৰা?
দীঘল ক'লীয়া চুলিতাৰে ঢাকিলি গোটেই ধৰা।
খন্তেকতে দেখোঁ বিলাসিনী গুচি ধৰিলি ৰাক্ষসী-ৰূপ,
ডাকিনী যোগিনী সহচৰী তোৰ সৱাকে দেখোন খুৱালি থূপ।
নিজান নিতাল প্ৰাণী-জগতত দিবলৈ আহিলি ভাও,
তোক দেখি আজি কুকুৰে ভুকিছে, শিয়ালে কাঢ়িছে ৰাও!
অভিসাৰ আজি নহয় নিশ্চয় মনৰ কামনা তোৰ;
হোৱা হ'লে এনে ভয়ঙ্কৰী বেশ নহ'লেহেতেন তোৰ।
ক অমানিশা, কাৰ সৰ্ব্বনাশ কৰিব কৰিছ মন,__
কোন দুখুনীৰ একেটি ৰতন হৰিবি বুকুৰ ধন?
কোন প্ৰতিপ্ৰাণা সতী তিৰোতাৰ মুচিবি ৰাঙলী ফোঁট,
কোন প্ৰেমিকাৰ স্বামীৰ বুকুত মাৰিব খুজিছ খোঁট?
কোন আজলীক ছলেৰে ভুলাই ক'লীয়া কাছোনে ঢাকি,
দিয়াব খুজিছ ক পিশাচিনী, নিজকে নিজেই ফাঁকি!
কোননো সতীৰ অধম পতিক বুকুত সাবটি লৈ
কোন বিলাসিনী নাৰীৰ কাষত গুপুতে আহিবি থৈ?
কোন নিশাচৰে তোৰ আশ্ৰয়ত কাৰ সৰ্ব্বনাশ কৰে,
ক মায়াবিনী, সোণৰ সংসাৰ যাব ছাৰখাৰ কৰি?
কোন লম্পটক আশ্ৰয় যাচিবি, তোৰ আঁচলত ধৰি
কোন অভাগিনী নাৰীৰ সতীত্ব আহিব হৰণ কৰি?
ক অমানিশা, কোন বদনক মেখেলা-আঁৰত লৈ
দেশৰ বুকুত শাল মাৰিবলৈ মানক মতাবি গৈ?
কোন বিভীষণে তোৰ আশ্ৰয়ত নীচ বাসনাৰে গৈ
ঘৰৰ বাতৰি পৰত জনাই আহিব নাৰকী হৈ?
পাপী সহচৰী কুলক্ষণী তই সৃষ্টি-পাতনিৰে পৰা,
তোৰযে হৃদয় যুগ-যুগান্তৰ ভীষণ-কাহিনী-ভৰা।
তোক দেখি মোৰ বুকু কঁপি যায়, আঁতৰ পিশাচী তই,
ওলালে আগত ঊষাদেৱী মোৰ, লাজত পৰিবি জঁয়।
সতীৰ আগত বিলাসিনী তই নোৱাৰ দেখাব মুখ,
দুৰ্ভগীয়া বিনে নিবিচাৰে আনে তোৰ আশ্ৰয়ত সুখ।
No comments:
Post a Comment