Saturday, June 13, 2020

এজনী বুঢ়ী

কথা কবিতা- এজনী বুঢ়ী

কবি- যতীন্দ্ৰনাথ দুৱৰা

পাঠ- প্ৰৱাল গোস্বামী


এখন মুকলি পথাৰৰ মাজেদি মই অকলে গৈ আছিলোঁ, হঠাৎ মোৰ পাছত লাহে লাহে ভৰিৰ খোজ শুনিবলৈ পালোঁ__ কোনোবা যেন মোৰ পাছে পাছে আহিছে।

মই চাৰিওফালে চাই পঠিয়ালোঁ। পুৰণি চিৰলি চিৰলি ফটা কাপোৰেৰে গোটেই গাটো ঢাকি অহা এজনী কুঁজী বুঢ়ীক দেখিবলৈ পালোঁ__ তাইৰ গাল সোতোৰা-সোতোৰ, নাক দীঘল, মুখখন শেতা আৰু দাঁত এটিও নাই।

মই তাইৰ কাষলৈ আগবাঢ়ি গলোঁ_ তাই থিয় হৈ ৰ'ল। "তই কোন? তোক কি লাগে?  তই মগনিয়াৰ নে কি?" বুঢ়ীজনীয়ে একোকে নামাতিলে। মই তাইৰ চকুলৈ চাই পঠিয়ালত দেখিলোঁ যে পোহৰত চকু ঢাকিবলৈ যেনেকৈ কিছুমান চৰাইৰ এখন ছাল থাকে, ঠিক তেনেকুৱা এখন ছালেৰে তাইৰ চকু দুটা ঢকা, কিন্তু এই বুঢ়ীজনীৰ চকুৰ ছালখন অলপো লৰা নাই_ একেবাৰে থিৰ হৈ আছে। ভাবিলোঁ, মানুহজনী কাণী।

মই আকৌ সুধিলোঁ, "তাইক কি লাগে? তই কিয় মোৰ পাছে পাছে আহিছ?" তাই আগৰ দৰেই মনে মনে থাকিল, মাথোঁ মোৰ ওচৰৰপৰা অলপ আঁতৰি গ'ল।

মই তাইৰ কাষৰপৰা আহি আকৌ আগৰ দৰেই বাট বুলিবলৈ ধৰিলোঁ, আকৌ মই সেই ভৰিৰ খোজবোৰ পাছে পাছে শুনিবলৈ পালোঁ__ কোনোবা যেন চোৰৰ দৰে মোৰ পাছে পাছে আহিছে।

নিশ্চয় সেই বুঢ়ীজনীয়েই ,__ কিয় তাই মোৰ পাছে পাছে আহিছে? মোৰ মনেৰে তাই বাট হেৰুৱালে, আৰু সেই কাৰণে খোজৰ মাত শুনি শুনি কোনোবা গাওঁৰ মাজত ওলাবলৈ আহিছে।

কিন্তু মোৰ মনত অলপ ভয় লাগিবলৈ ধৰিলে, __মই ভাবিলোঁ যে মানুহজনী  যে অকল মোৰ পাছে পাছে আহিছে এনে নহয়, তাইহে দেখোন মোক বাট দেখুৱাই দিছে, আৰু মই আপোনা আপুনি তাই দেখুৱাই দিয়া বাটেদি আগবাঢ়িবলৈ ধৰিছোঁ।

যি হ'ক মই এখোজ দুখোজ কৰি আহিবলৈ ধৰিলোঁ, মোৰ আগত সৌখন নৈ আৰু তাৰপাৰত সৌডোখৰ আন্ধাৰ, ভয় লগা ঠাই সেইখন কি ঠাই_ সৰ্ব্বনাশ! এইখন মৰিশালি, অ' মই বুজিলোঁ এতিয়া, তাই মোক ইয়ালৈকে আনিছিল। মই লৰালৰিকৈ উভতিলোঁ, এইবাৰ ঠিক তাইৰ মুখে মুখে পৰিলোঁ। … ইকি! তাই চকুৰে দেখে! তাই দেখোন মোলৈ খঙেৰে বাঘে চোৱাৰ দৰে একেথৰে চাই আছে_ দেখিলেই ভয় লাগে।

মই কেৰাহিকৈ তাইৰ চকুলৈ চালোঁ, তাই আকৌ ছালখনেৰে চকু দুটা ঢাকি পেলালে আৰু আগৰ দৰেই কাণী-বুঢ়ী হ'ল।

মই এতিয়া বুজিলোঁ, এই বুঢ়ীজনীয়েই মোৰ নিয়তি। এই নিয়তিৰ হাতৰপৰা সাৰিবলৈ মানুহৰ কোনো উপায় নাই।

সাৰিবলৈ কোনো উপায় নাই! পৰিত্ৰাণ নাই!!
বলিয়াৰ দৰে এবাৰ চেষ্টা কৰা যাওক।
মই অইন ফালে লৰ মাৰিলোঁ। মই বেগেৰে যাবলৈ ধৰিলোঁ__কিন্তু আকৌ আগৰ দৰে মোৰ পাছে পাছে ভৰিৰ খোজ আৰু সমুখত সেই আন্ধাৰ ভয় লগা মৰাশালি।
আৰু এবাৰ আইনফালে পলালোঁ__ কি হ'ব!
পাছত সেই ভৰিৰ খোজ, আগত মৰিশালি।
কি হ'ল, মই য'লৈকে পলাবলৈ যাওঁ ত'তে এনে অৱস্থা, সকলো ঠাইতে একে দশা।

বাৰু, এই বাৰ মই ফাঁকি দিম, আৰু ইয়াকে ভাবি তাতে বহি পৰিলোঁ__ সেই বুঢ়ীজনীও মোৰপৰা ঠিক দুহাতমান আঁতৰত থিয় হ'ল। মই যদিও তাইৰ ভৰিৰ খোজ শুনা নাই, তত্ৰাচ মই বুজিছোঁ, তাই মোৰ পাছত থিয় হৈ আছে।

আগত আকৌ সেই আন্ধাৰ ভয় লগা মৰিশালি,__ ভীষণ মূৰ্ত্তীৰে মোক গ্ৰাসিবলৈ খেদি আহিছে।

হৰি! হৰি! মই কি ক'ৰোঁ, ক'লৈ যাওঁ! ভয়ত চাৰিওফালে চাবলৈ ধৰিলোঁ।

সেই বুঢ়ীজনীয়ে চকুদুটা তেজ যেন ৰঙা কৰি গোঙোৰা মুখেৰে মোৰ ফালে একে থৰে চাই আছে, তাইৰ চকু দুটাৰপৰা যেন জুইৰ ফিৰিঙতিহে ওলাবলৈ ধৰিছে। সৰ্ব্বনাশ! পলাবৰ ঠাই নাই। সাৰিবৰ উপায় নাই! নাই, ৰক্ষা নাই!


No comments:

Post a Comment