মৰ্মান্তিক
কবিতা- মৰ্মান্তিক
কবি- নিৰ্মলপ্ৰভা বৰদলৈ
পাঠ- প্ৰৱাল গোস্বামী
তেওঁক মই যোৱাগৈ দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
পথাৰৰ বঁকিয়াইদি ।
মূৰত জাপি,
কান্ধত মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত ।
তেওঁৰ পাছে পাছেই গ'লগৈ__
আঘোণৰ সোণবৰণীয়া ৰ'দ,
খেৰৰ চুবুৰীটো, বাঁহ বননিৰ
কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক ।
গৈ আছিল আৰু গ'লগৈ ।
কোনে জানে
তেওঁ আৰু এই জন্মত
উভতি আহিবনে নাহে !!
No comments:
Post a Comment