কোনোবা শীতৰ এটা বগা সন্ধিয়াত
কবিতা- কোনোবা শীতৰ এটা বগা সন্ধিয়াত
কবি- হৰি বৰকাকতি
পাঠ- প্ৰৱাল গোস্বামী
কোনোবা শীতৰ এটা বগা সন্ধিয়াত
পাক খোৱা কুঁৱলিৰ সাপ-চেঁচা আঙুলিত লাগি
মনে যদি কয় তুমি পাহৰিব খোজা কথাবোৰ,
অবচেতনাৰ আঁৰে আঁৰে জী থকা কথা।
কল্পনাৰ ৰেখাবোৰ যদি হই পৰে একা-বেঁকা,
পুৰণি দিনৰ শিহৰণ লাগি উচলি উঠে
মৰহি পৰা প্ৰাণৰ বিগত যৌৱন,
অস্বীকাৰ নকৰিবা তাক।
কাণ পাতি শুনি যাবা ৰিক্ত প্ৰাণৰ শতিকাময় ইতিহাস।
মোৰ কথা তাতে পাবা হেৰাই যদিও মই যাওঁ।
সিয়ে ক'ব, মই কোৱা দৰে__
… স্বপ্ন দেখিছিলোঁ,
বাটৰ দাঁতিত হই ক'লা বগা শিল
ৰ'ই যাম বহুত শতিকা।
কেতিয়াবা কোনোবাই প্ৰাণ নিজৰাৰ পানী সিঁচি
জগাই তুলিব মোক আকউ এবাৰ।
পাৰা যদি দুচকুত চিনাকী অঞ্জন সানি
পুৰণি দিনৰ স্মৃতি
তুলিবা জগাই
বাটে-ঘাটে পৰি ৰোৱা
বনপোৰা ছাই কণিকাৰে।……
ভগা-ছিগা টুকুৰা-টুকুৰ কথাবোৰ
আকউ জোৰাই চাবা
অৰ্থ তাৰ পোৱা নে নোপোৱা।
সেয়া মোৰে, ময়ে ভুলে-চুকে কোৱা কথা।
সৃষ্টিৰ কঠীয়া সিঁচি
ডলাৰ বগৰি হই বাগৰি ফুৰোঁতে
পৃথিৱীৰ কোমল বুকুত মোৰ
সেইবোৰ দুভৰিৰ ৰেখা।
মচা নাই সেইবোৰ, জানো মই
আৰু জানো, তুমি তাকে নিতউ বিচাৰি যাবা।
সেয়ে মোৰ শেষ অনুৰোধ
কোনোবা শীতৰ এটা বগা সন্ধিয়াত…।
No comments:
Post a Comment