কবিতা- ধনবৰ আৰু ৰতনী
কবি- লক্ষ্মীনাথ বেজবৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
উজায়ে আহিলে ভাটীৰে ৰতনী
বুকুৰে মাধুৰী লৈ;
ভটীয়াই গ'লে ঐ শাহটো সামৰি
মোলৈ খোলাটো থৈ।
ক'ৰে ঐ ৰতনী, ক'ৰে ঐ শাখিনী
কিনো কুটেশালে তই !
সকলো লুটিলি ধনাইকো বধিলি
কেনেকৈ জী থাকোঁ মই ?
পৰ্ব্বতে পৰ্ব্বতে বগাব পাৰো মই,
লতা বগাবলৈ টান ;
ৰতনী সোণাইকে বৰাব পাৰো মই,
মাকক বুজাবলৈ টান।
বগাকৈ বগলী উৰে কেনে কৰি
পাখিতে পাখি লগাই,
কাৰেনো উৰিব ধনবৰ দুখীয়া
ৰতনী লগতে নাই।
ফেনে-ফোটোকাৰে বৰ লুইত বৈছে
বুকুত লৈ খাগৰিৰ জাঁজি,
বুকু উদং কৰি ৰতনী গ'লে মোৰ,
কাকে লৈ বৈ যাম মই আজি !
পূবৰে পছোৱা ছাটি মাৰি গ'লে
ধানতে থৈ গ'লে থোক,
ধনাইৰে মনাইকে ছাটি মাৰি ৰতনী
মনতে দি গ'লে শোক।
গঙাতে উৰিব ঐ গঙাৰে চিলনী
বালিতে উৰিব ঐ ঘোঁৰা;
সেন্দুৰী টিঙতে বহি উঠি গ'লে
ৰতনী ধনাইৰে পৰা।
চৰায়ে তুলিলে ঐ ছ'ৰা পোৱালি
গছৰ ডাল শুৱনী কৰি;
ৰতনীক তুলিলে মাকে-বাপেকে
ধনাইৰ কাল-শতৰু কৰি।
লুইতৰ শিহু ঐ টুপাই বুৰ মাৰিলি,
আকৌচোন এটিবাৰ ওলা;
ধনশিৰিৰ ৰতনী টুপাই বুৰ মাৰি গ'ল
ভাঙি মোৰ কামিহাড়েচলা।
বালিতে চৰিছে দুটি বালিমাহী
লগৰে লগৰী পাই;
পাৰতে কান্দিছে ধনবৰ দুখীয়া
ৰতনী লগতে নাই।
ফুটুকাৰ তলতে যখিনী ছোৱালী
টুকটুক চাপৰি বায়,
ধনাইৰে ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়।
নৈৰে পাৰতে কাৰে এৰা-বাৰী
চপৰা-চপৰে খহে;
লুইতৰ পাৰতে কাৰে ধনবৰ
ৰতনীৰ বেজাৰত জহে।
যাগৈ ৰতনী নাহিবি নাহিবি,
বিচাৰি নাহিবি মোক,
তোৰে ধনবৰ ভিকহুৰ ভিকহু,
পৃথিৱীত থৈ যাব শোক।
বোপাই মোৰ লুইত ঐ সামৰি লোৱা মোক
কোলাত থান এফেৰি দিয়াঁ;
ৰতনী হেৰাল মোৰ সকলো পৰিল ওৰ
আৰু মোৰ একো নাইকীয়া।
No comments:
Post a Comment