কবিতা- কবি-প্ৰাণ
কবি- সূৰ্য্যকুমাৰ ভূঞা
পাঠ- প্ৰৱাল গোস্বামী
কবিৰ অন্তৰখনি আলসুৱা অতি,
তুমি তাত নিদিবা যাতন,
কবিৰ প্ৰাণৰ কথা বুজিবা কি তুমি
তোমাৰযে উপৰুৱা মন !
চিকমিক তলি দেখা নিজৰাৰ দৰে
নিতে জানা কবিৰ হৃদয়,
আৱেগৰ কণা তাত উৰি উৰি ফুৰে
নাই শোক-অশান্তিৰ ভয় ।
হে তাৰ্কিক জ্ঞান-গৰ্ব্বী, নেচাপিবা কাষ
তোমাৰ সি তৰ্ক-জাল লই,
কবিৰ অন্তৰখনি পুণ্য তপোবন
যুক্তিহীন ভকতি-আলয় ।
প্ৰাণ-হীন কাঠ-হাঁহি, বিদ্ৰূপৰ ঢউ,
প্ৰতিধ্বনি সঙ্কীৰ্ণ প্ৰাণৰ,
থক দূৰ-দূৰণিতে, নিদিবা বিঘিনি
প্ৰেম-ভৰা কবিৰ অন্তৰ ।
কবিৰ হৃদয় বেৰি ফুলিছে এখনি
বিতোপন সুগন্ধি ফুলনি,
তাৰ প্ৰতি গছে-ফুলে দিমগই ঢালি
সাতোখন তীৰথৰ পানী ।
তুমি যদি চাপাঁ কাষ কুসুম-কানন
চোৱা মাত্ৰে জঁই পৰি যায়,
তোমাৰ চকুত আছে মৰণৰ বাণ,
উশাহত বিঘিনি অপায় ।
তুমি য'ত আছাঁ সিযে যোজনৰ পথ
তাৰ পৰা শুনি পোৱা টান
কবিৰ প্ৰাণত থকা নিকুঞ্জ বনৰ
শতমুখী বিহঙ্গৰ গান ।
তুমি যদি চাপাঁ কাষ, তোমাৰ ভয়ত
বিহঙ্গই এৰিব কূজন ;
তোমাৰ চৰণ-ধ্বনি মৃত্যুৰ প্ৰহৰী ,
শুনা মাত্ৰে জীৱন্তে মৰণ ।
কাষৰৰ শিলাময় গিৰি-হিয়া ভেদি
চোৱাঁ সউ নিজৰা ওলায় ,
কবিৰ প্ৰাণেদি বয় কুলকুল সুৰে
অন্তহীন প্ৰেম-গীতি গাই।
যদিও নিজৰা-তান বিশ্ব বিয়পিছে ,
তুমি তাক শুনিবা কিমতে ?
তোমাৰ কাণত বাজে ভীষণ ৰাগিণী
শ্মশানৰ হুমুনিয়া স'তে ।
তুমি থাকাঁ নিলগতে, তোমাৰ কাৰণে
নাই ঠাই কবি-কাননত,
তুমি পাপী, আৱেগৰ সোণালী কিৰণ
নিজিলিকে তোমাৰ প্ৰাণত ।
তুমি যদি চাপাঁ কাষ, কবিৰ হৃদয়
পুষ্পহীন মৰুভূমি হ'ব,
ভৰ-পূৰ আৱেগৰ প্ৰেমৰ সলনি
বৈৰাগ্যৰ মহাসিন্ধু ব'ব ।
এতিয়া কবিৰ প্ৰাণ স্বৰ্গ-প্ৰভাময়
সংসাৰৰ মলিনতা নাই,
তোমাৰ পৰশ পালে লুকাব জেউতি,
হিয়া হ'ব যাতনাৰ ঠাই,
অন্তিমৰ আভাসত কান্দিব আতমাই,
ছাৰ-খাৰ দেহা প্ৰাণ-মন,
প্ৰলয়ৰ পয়োধিত বুৰিব সিদিনা
দুপৰতে তৰুণ তপন।
No comments:
Post a Comment