কথা আৰু কণ্ঠ- প্ৰৱাল গোস্বামী
মৰমৰ
হিয়া,
কুশলে আছা
নিশ্চয়।
নাভাবো
বুলিও তোমাৰ কথা ভাবিবলৈ লওঁ, নাচাওঁ বুলিও তোমাৰ
ফেচবুকৰ
পোষ্টবোৰ
চাওঁ
মাজে মাজে। তোমাৰ স্বামীৰ
সৈতে
কটোৱা
সুখী জীৱনৰ ক্ষণবোৰ দেখিছো ফটোত, দেখিছো তোমাৰ
কণমানীজনীৰ
প্ৰথম
জন্মদিনৰ
ফটোবোৰ,
তাইৰ
যে
চকুদুটা
হুবহু
তোমাৰ
দৰেই,
পদ্ম
পাহি,
হিৰণময়ী
দুচকু,
কিমান
যে
তুলনাৰে
ব্যাখ্যা
কৰিছিলোঁ
সেই
তাহানীৰ
দিনবোৰত।
মোৰ
বাঢ়ি
অহা
দাড়িবোৰ
দেখি
তুমি
যে
কৈছিলা,
তোমাক
সাইলাখ
ঋষিৰ
দৰেই
লাগিছে।
সেইবোৰ
সোনোৱালী
সময়ৰ
কথা কেতিয়াবা ভাবো আৰু
অকলে
হাঁহো,
তেতিয়াৰ
সময়বোৰ
আৰু
এতিয়াৰ
সময়ৰ
কিযে
বৃহৎ
পাৰ্থক্য।
তেতিয়া
তোমাৰ
কথা
নভবাকৈ,
তোমাৰ
কথা
নোকোৱাকৈ
এটা
মূৰ্হুত
এটা
যুগৰ
দৰেই
লাগিছিল।
আজি,
দায়িত্ব
আৰু
কৰ্তব্যৰ
মাজেৰে
পেটৰ
ভোক নিবাৰণৰ বাবে কটোৱা
সময়বোৰৰ
ফাঁকত
তোমালৈ
ভাবিবলৈ
আহৰি
নোপোৱা
হ'লো।
আৰু
ভাবিলোৱে
যেনিবা
পামনো
কি?
এবুকু বিষাদ, এসাগৰ দুখ। যোৱাটো
ব'হাগত
দেউতাক
হেৰোৱা
এটা
বছৰ
পাৰহৈ
গ'ল।
দেউতাৰ
অবিহনে
কটোৱা
সময়বোৰযে
আমাৰ
পৰিয়ালটোৰ
কাৰণে
অহমিকাৰ
দৰে
পাৰহৈ
গৈছে।
তথাপি
জীৱন
সংগ্ৰামৰ
প্ৰতিটো
দিন
যুঁজাৰো
সৈনিকৰ দৰে
আগবাঢ়ি
গৈ
আছো।
পুৱা
উঠি কামলৈ
গৈছো,
দিনটো
নিৰ্বিকাৰে
সকলো কাম কৰি গধূলি ৰূমলৈ
ঘূৰি
আহিছো।
জানায়ে নহয়, ব্যক্তিগত খণ্ডৰ চাকৰি, কষ্ট অধিক
দৰমহা কম তথাপি মাৰ
দৰৱ,
ভন্টিৰ
পঢ়াৰ
খৰছ,
ৰূমৰ
ভাড়া,
বজাৰৰ
খৰছ
এইসকলোবোৰ
উপাৰ্জনৰ
ধনেৰে
চলাই
গৈছো।
তাৰ মাজতেই ভন্টিৰ বিয়াৰ
বাবেও
কিছু
টকা
সাচিবলৈ
লৈছো।
এইবোৰৰ
শেষত
নতুনকৈ
বেলেগ
কিবা
সপোন
দেখাৰ
অৱকাশেই
নাথাকে
দেখুন।
গধূলি
যেতিয়া
অৱসাদে
আগুৰি
ধৰে,
ৰূমৰ
চকীখনত
হেলান
দি
চিগাৰেটৰ
ধোৱাৰে
কুণ্ডলি
পকাই
বহি থাকো, ভাবো! আচলতে
মইনো
গৈ
আছো
ক'লৈ?
লক্ষ্যয়ে
বা
কি
মোৰ?
সপোনবোৰ
আকৌ
নতুনকৈ
সজাব
পাৰিম
নে?
তথাপি,
আশা
এটা
বুকুত
বান্ধি
জীয়াই
থাকো।
কেতিয়াবা
ভাবো,
তুমি
কাষত
থকা
হ'লে
জীৱনটোক
নতুনকৈ
সজাই
তুলিব
পাৰিলো
হেতেন,
কেতিয়াবা
ভাবো,
তুমি
মোৰ
কাষত
নথকাৰ
বাবে
ভালেই
হৈছে,
অন্তত
সফলতাৰ
প্ৰাচীৰ
বগাব
নোৱাৰা
দুখৰ
পৰা
তোমাক
নিলগত
ৰাখিব
পাৰিছো।
তুমি
কুশলে
থাকা,
হাঁহি
থাকা
তাহানিৰ
জাহাজঘাটৰ
আবেলিৰ
ৰঙা
সূৰুযটোৰ
দৰে।
মনৰ
বহুকথা
ক'বলৈ
মন
যায়
পিছে
কমনো
কাক?
শুনিবলৈওটো
আহৰি
থাকিব
লাগিব
আধুনিকতাৰ
মাৰাথানত
আগবাঢ়ি
যোৱা
মোৰ
সুহৃদয়সকলৰ।
সেইয়ে
পুৰণি
ডায়ৰীৰ
পাতত
আজিও
তোমাকে
শুনালো
মোৰ
বুকুৰ
কথা।
ইতি
তোমাৰ 'মন'।
No comments:
Post a Comment