কবিতা- মনোৰমা
কবি- দেৱকান্ত বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
চকুত তোমাৰ সপোনৰ মায়া,
মুখত জোনৰ বিমল ছাঁ,
নিশাহত যেন কোমল ঘাঁহৰ
সুৰভিৰে পূৰ মৃদুল বা ।
ক’লা চুলিটাৰি, কোনে সানি দিলে
আঁউসী নিশাৰ সুষমা তাত ?
কেতিয়া শিকালে কপৌৱেনো তাৰ
মন কিবা কৰা উৰুঙা মাত ?
আগ বাৰিষাৰ বা ৰিব্ ৰিব্
বতাহৰ দৰে তোমাৰ হাঁহি
উলাহতে তাৰ নাচিছে কলঙ্
বিহ মেটেকাই মেলিছে পাহি !
দহোটি আঙুলি চঁপা-কলি যেন
পদুমৰ ঠাৰি দুখনি হাত
চুই দোৰপতি থৰকবৰক
তত্ নাইকিয়া মাকোৰ গাত ।
নিপোটল বুকু, লাটুমণি ওঁঠ
দুয়োপাৰি দাঁত ডালিম গুটি,
মৰুময় মোৰ জীৱনত সখি !
তুমি কবিতাৰ একেটি সুঁতি ।
No comments:
Post a Comment