Tuesday, September 8, 2020

ওলট-পালট


কবিতা- ওলট-পালট

কবি- অতুল চন্দ্ৰ হাজৰিকা

পাঠ- প্ৰৱাল গোস্বামী


             (১)

এক আছিল বুঢ়া-বুঢ়ী
নাছিল সিহঁতৰ 'ৰা-লুৰী
কথাই কথাই এদিন দুয়োৰে
লাগি ' বৰ হুৰাহুৰি
 
              (২) 
              
 বুঢ়াই লে ফিতাহী মাৰি , 
''শুনিছনে হঞে ঘুগুলী বুঢ়ী ;
সাদিনত যিমান কৰ 
এদিনৰ মোৰ কাম ;
মিছা কৈছোঁ যদি অমুকা বুঢ়াৰ
সলাই থবি নাম ।''
 
            (৩)

বুঢ়ীও উঠিল দাং খাই
উত্তৰ দিলে বুঢ়ালৈ চাই,
''বুঢ়ীৰ যহতে দুবেলা দুমুঠি
খাই আছ ভাত ,
এদিন মাথোন নহলে ই ,
চেলাই পেলাবি দাঁত ।''
 
            (৪)         
   
কাইলৈ বাৰু পৰমাণ চাম
হালখন লৈ ময়ে যাম ;
বি ঘৰৰ ঘৈণী
হাঁহ-পাৰবোৰ চাবি ,
আছে মানে ঘৰৰ কাম
মনোযোগ দিবি ।
 
           (৫)

''গাই খীৰাবি ,ভাত ৰান্ধিবি
আৰু কাটিবি সুতা ,
তেতিয়াহে, তোক বুঢ়া
বুলিম বৰ মতা ।''
 
           (৬)           

পিছদিনাখন  পুৱা ,
মুখত এখন সুমাই গুৱা ;
বুঢ়ী ওলাল পোন্ধ মাৰি
কান্ধত নাঙল লৈ ,
বুঢ়া থাকিল সেইদিনা
 ঘৰৰ ঘৈণী হৈ
          
           (৭)              
                   
বুঢ়ী আহিল হালৰপৰা
দুখে-ভাগৰে আধা মৰা ,
তায়ো পালে সেকা পালি
মুখেৰে নোলায় মাত ,
ঘটিয়ে ঘটিয়ে পানী খাইহে 
আহিল গাত
 
         (৮)
           
বুঢ়াই লে হাত যুৰি ,
''অমোৰ বুঢ়াৰ লগৰী ;
সঁচাকৈয়ে ঘৰৰ ঘৈণী
ঘৰৰ লখিমী মোৰ ,
মুৰৰ চুলিৰ সমান হৈ
আয়ুস বাঢ়ক তোৰ ।

          (৯)

 শপত খাই লো
তোৰ ভাগ আৰু নধৰোঁ ই ,
তোৰ কামো নহয় ঢিলা,
প্ৰমাণ মাথো চালোঁ ,
নলগা জেঙত লগাৰ ফল
হাতে হাতে পালোঁ ।''
 
          (১০)             

বুঢ়ীয়ে লে, ''লাপুং বুঢ়া
মিছা নকওঁ, এক কড়া
হাল বোৱা নহয় তিৰীৰ কাম
মতাৰ ৰন্ধা বঢ়া ।
বুজিলোঁ দুয়ো দুয়োৰে দুখ
ভালদৰে আজিৰপৰা


1 comment:

  1. Excellent work. Could you provide the meanings of the words in the poem?

    ReplyDelete