কবিতা- এইখন আমাৰ দেশ
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
এইখন আমাৰ দেশ,
বুৰঞ্জীৰ সেতু অতিক্ৰম কৰি স্মৃতিৰ পোহৰ উজ্জ্বল ।
তাৰে প্ৰতিধ্বনি ; প্ৰান্তে প্ৰান্তে, পৰ্বতৰ শিখৰে শিখৰে
শঙ্খধ্বনি হৈ জীৱনক যুগে যুগে কৰিছে মহান ।
মই আজি প্ৰতিধ্বনি শুনো
কোটি কোটি মানৱৰ হিয়াৰ কল্লোল
জীৱনৰ তেজ য’ত ৰঙা গড়া হয়,
মৃত্যু যাৰ বাবে অখণ্ড প্ৰদীপ
স্বাধীন যাৰ বাবে হিমালয়ী স্বপ্ন
এইখন আমাৰ দেশ,
য’ত আছে পোহৰৰ মুক্তস্ৰোতা ধাৰা,
স্বৰ্ণদীপ্ত জ্ঞান বহ্নিৰ জ্যোতিৰেখা
যি স্ৰোত ধাৰাত স্নান কৰি যুগে যুগে
মানুহৰ ইতিহাস আজিও ভাস্কৰ উজ্জ্বল ।
আকশলংঘা স্বপ্ন, মহাৰাজ হিমালয়
বুকু উদঙাই বৈ আছে গঙ্গা সিন্ধু
আৰু ব্ৰহ্মপুত্ৰ মহাবাহু
যি যুগৰ প্ৰাচীৰ অতিক্ৰম কৰি
ৰিঙিয়াই মাথোঁ কয়
এইখন আমাৰ দেশঃ ৰঙা স্যমন্তক মণি
আমি সাজিম স্বৰ্ণ দেউল, জীৱনৰ সোণালী কাৰেং
এইখন আমাৰ দেশ ।
মানৱৰ মহাসমুদ্ৰ পাৰত আমি জীৱনৰ জয় গান গাওঁ
যি গীতৰ প্ৰতি লহৰত বাজি উঠে
একোটি স্পন্দন মানুহৰ হৃদি গহ্বৰত ।
এইখন আমাৰ দেশ,
এইখন আমাৰ নৈ
ইয়াৰ পাৰতে জন্ম পালে অসীম জ্ঞানৰ প্ৰভাত
মানুহৰ আত্মাৰ ঈশ-জ্যোতি ।
মুক্তিৰ উষা কিৰণত স্নান কৰি হোৱা মহীয়ান
জীৱন সমুদ্ৰত চোৱা এয়া ৰঙা পোৱালৰ মণি
জ্যোতিময়, জ্বলি আছে এই বাণী লৈ
‘’এই পৃথিৱীত সুৰ্য্য আছে, চন্দ্ৰ আছে
আৰু আছে মানৱৰ প্ৰশান্ত সাগৰ ।‘’
আমি বলীয়ান ;
আমি জীয়াই আছো এই জীৱন প্ৰান্তত
আমাৰ চকুত জ্বলে গুলীবিদ্ধ মহামানৱৰ
তেজৰ জোৱাৰ, ক্ৰুছবিদ্ধ যীশুৰ স্বৰ্ণ স্বপ্ন
আৰু__
সীমান্তৰ সৈনিকৰ সমলয়ী হিয়াৰ স্পন্দন ।
এইখন আমাৰ দেশ ।
ইয়াত আছে জীৱনৰ জুই শিখা, জীয়াৰ থকাৰ
মতলীয়া আশা, ৰক্তগংগা তৃষা
আৰু
মহামানৱৰ প্ৰশান্ত জোৱাৰ, য’ত জুই জ্বলে
মেজিৰ জুই ।
No comments:
Post a Comment