Sunday, September 27, 2020

নাম তাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা

 কবিতা- নাম তাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা

কবি- হেমাঙ্গ বিশ্বাস

পাঠ- প্ৰৱাল গোস্বামী


দেখিছানে কেতিয়াবা কলিংগৰ ক'ণাৰকৰ 'ক'লা পেগোডা' ? কালৰ বিস্ময় । মৌন পাথৰৰ বাঙ্ময়তা , কত শত শতিকাৰ আৱহ সংগীত । মই কিন্তু দেখিলো সিদিনা বকো পাহাৰত গ্ৰেণাইট শিলৰ বুকু ফালি শিপা মেলি থিয় হোৱা শাল গছজোপা। অনেক ধুমুহা আৰু বা-মাৰলীয়ে অজস্ৰ বজ্ৰপাতে কত ভূঁইকঁপে জোঁকাৰি জোকাই গুচি গ'ল… তথাপিটো নলৰিল দৃপ্ত শান্ত দিগন্তপ্ৰসাৰী সেই শাল গছজোপাঃ যুগৰ বিস্ময়। একঠা আদিম মাটি বাপতি সাহোন আন্ধাৰত জোনাকীৰ চাকিৰে উজলা শিলৰ পঁজাটি । প্ৰাগৈতিহাসিক কোনো হাবিত উপজি কুৰি শতিকাৰ এই নীলা আকাশলে' অগণন পাতৰ শৰাই । ডালে ডালে বনৰ পখীৰ পুৱাৰ উৰুলি তথাপিও এই পাহাৰত উচ্ছেদৰ অনন্ত চক্ৰান্ত । বলিয়া হাতীৰ পাল আহে শুঁৰত মেৰাই তাৰ উচ্ছেদ-নোটীছ । আলফুল কেঁচুৱা কুঁহিটি টানি ছিঙি গচকি মোহাৰি ক'ই যায়ঃ এই মাটিত তোৰ আৰু অধিকাৰ নাই । তথাপিতো বিক্ষত ডালে ডালে পুনু গজে অগণন পাত । পুনু শুনো তাত পখীৰ উৰুলি । মই দেখি অহা এক যুগৰ বিস্ময় গ্ৰেণাইট শিলৰ বুকু ফালি সীমান্ত প্ৰহৰী সেই শাল গছজোপা । মুখত দেখিছোঁ তাৰ দাৰিদ্ৰ্যৰ চেকা চকুত জিলিকি উঠে ভৱিষ্যৰ আভা নাম তাৰ__ কমৰেড ৰত্নেশ্বৰ ৰাভা।




No comments:

Post a Comment