কবিতা- আকাশ দিনান্ত
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
বাণবিদ্ধ নিশা,
পাট গাভৰুৰ দৰে স্নিগ্ধ, নিৰ্মলঃ
ক্ষত-বিক্ষত এই কুমাৰী দেহাই
আমাৰ মন-তনু কৰিবনে অগ্নিদগ্ধ ?
আমাৰ এৰাবাৰীৰ চুকৰ
সেই অৰ্দ্ধ-মৰণমুখী পুখুৰীটো
আছে জানো এতিয়াও আমাৰ মন-আকাশত
ধ্ৰুৱতৰা হৈ ?
পুখুৰীৰ মাছবোৰ জানো শুই থকা নাই ?
তোমাৰ আৰু মোৰ যৌৱন আজি
টোপনিত লালকাল ।
মন-ময়ুৰী মোৰ পাখি কোবাই
অন্তৰ আত্মা কৰিছে বাণবিদ্ধ
সেই ৰক্ত স্ৰোতত নাই অনুভূতিৰ প্লাৱন ।
এই চঞ্চলতাত আছে আশা ।
কোন মৰ্ত্ত্যলোকত
মন-ময়ুৰীয়ে মোৰ তুলিব পেখম ?
সেইষাৰ কথা আজি
অস্পষ্টতাৰ গৰ্ভত বিলীন ।
যেতিয়া গ্ৰীষ্মদিনৰ উত্তপ্ততাই
মনৰ দোমাজাত প্লাবন নমায় ;
তেতিয়া পেখম তুলি মন-ময়ুৰীয়ে
মোৰ
নিঃশেষ কৰিব তাৰ মুগা বেদনা ।
এই মুগা বেদনাই মনত মোৰ
জগাব এক নতুন বেদনাৰ স্ৰোত ।
মন-ময়ুৰীয়ে মোৰ
এইবোৰ কথা একোকে নাজানে ।
সেইবুলি মাটিৰ মৰমে আকুল কৰা
ডেউকা দুখনে তাক জানো তুলি নিব
আকাশৰ স্নিগ্ধ কোনো এক দিগন্তলৈ ।
ধুনীয়া
ReplyDelete