কথা আৰু পাঠ - প্ৰৱাল গোস্বামী
বাঘলৈ ভয় কৰানে ?
তুমি নকৰো বুলি কোৱাত
মই ফু মাৰি দিছিলোঁ দুচকুত
তোমাৰ চকুৰপতা জাপ খাই গৈছিল।
দুষ্টটো ক'ৰবাৰ বুলি কৈ
খেদি আহিছিলা মোক
মই আইৰ আঁচলত লুকাইছিলোঁ।
শৈশৱৰ নিভাঁজ ধেমালীবোৰে
মনটোক বৰকৈ আমনি কৰে।
আজিও সুধিলোঁ, বাঘলৈ ভয় কৰা ?
তুমি মৌনতাৰে ক'লা,
নকৰো, মানুহলৈহে মোৰ বৰ ভয়।
মই ফু মাৰি দিলোঁ,
তোমাৰ মেলি থকা চকু
একেদৰেই ৰ'ল !!
আপুনি আজিৰ বাতৰিকাকতখন পঢ়িছিল নে
"তিনিজন যুৱকে এগৰাকী যুৱতীক ....."
No comments:
Post a Comment