কবিতা- হৈমন্তী
কবি- হোমেন বৰগোহাঞি
পাঠ- প্ৰৱাল গোস্বামী
মোৰ পিৰালিত সেয়া এটি দুটি গধূলি-গোপাল
চকু টিপিয়াই কিনো কথা পাতে তৰাৰ লগত; এটি দুটি জোনাকীৰ
নিভৃত সময় এয়া, এন্ধাৰ গভীৰ কৰা প্ৰাণৰ জ্যোতিৰ অপচয়;
আমন-জিমনকৈ বহি থকা শিশু এটি, আৰু তাৰ ধূসৰ হৃদয়__
মোৰ পিৰালিত আমি কেউটিয়ে, গধূলি গোপাল তৰা জোনাকীয়ে
একোকে নেপাতি কথা বহি থাকো বাট চাই পদূলি মুখলে’।
এয়েটো সময়, নিজকে গভীৰভাৱে নীৰলে পোৱাৰ,
নিজকে চোৱাৰ। অচিন গাঁৱৰ বাট ধূলিৰে ধূসৰ হ’ল
ঘৰমুৱা পথিকৰ উধাতু খোজত; ডেউকাত সানি লৈ সোণালী ৰ’দৰ ৰেখা
এজাক বগলী উৰি গ’ল__কৰুণ ছায়াৰে তাৰ গাঁও-ভূঁই-পথাৰৰ
নিজম বুকুত ৰাখি উভতি অহাৰ অংগীকাৰ।
মোৰ পদূলিৰ সেয়া এজুপি বকুল, তাৰো সৰে চকুপানী,
প্ৰাণৰ সঞ্চয় সৰে, গানৰ পাপৰি সৰে, এটি দুটি পকাপাত সৰে,
এয়েতো সময় তাৰ নিজকেই নিঃস্ব কৰাৰ। প্ৰাণৰ নতুন অংগীকাৰ
মৰণৰ দেউলত ৰচা হয়। মোৰ পিৰালিত বহি কথা পাতো আমি।
এটি দুটি বুঢ়া-মেথা আহে। ধপাত চিলিম জ্বলে মুখে মুখে।
আমন-জিমনকৈ বহি থকা শিশুটিও আহে কাষ চাপি,
কোলাত মূৰটো গুঁজি ৰ লাগি শুনি থাকে আচহুৱা কথা
মাহৰ বতৰ কাৰ অবাবতে গ’ল, ধানৰ পথাৰ কাৰ চন পৰি ৰ’ল।
মোৰ পিৰালিত সেয়া এটি দুটি গধূলি-গোপাল
এতিয়া নীৰৱ হ’ল। আকাশৰ শেঁতা মুখ পানীৰে সেমেকা।
কোলাৰ কেঁচুৱাটি চক খালে সাৰ পাই নঙলা খোলাৰ শৱদত।
অৱশ খোজেৰে সেয়া ঘৰলৈ ঘূৰিল বোৱাৰী।
অ’ হৰি এতিয়াহে হ’লনে সময়। বুঢ়াজনে মাত দিলে।
একোকে নকৈ তেওঁ খন্তেক সময় থিয় হ’ল__
সন্ধ্যাৰ হাঁহিৰ দৰে মুখ যাৰ , আঁচলৰ ভাঁজে ভাঁজে
ঘাঁহপাত, ধানখেৰ, মদিৰ সুৰভি ধাননিৰ;
নিয়ৰ –সেমেকা চুলি; গভীৰ চকুত কঁপেনেকি
অন্য এক আকাশৰ বিশাল গভীৰ নিমন্ত্ৰণ ?
ভিতৰ সোমাই তেওঁ চাকিটি জ্বলালে। এতিয়া সময় হ’ব
দুয়োজনে মুখামুখী নীৰলে বহাৰ__
সৌ দূৰ পথাৰত কি আছিল, কি পালে সকলোটি বাতৰি লোৱাৰ।
No comments:
Post a Comment