কবিতা- এন্ধাৰ
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
এয়া মাজনিশা , নিবিড় অন্ধকাৰ ,
মই অকলশৰীয়া ; ওচৰত কোনো নাই
মানুহ নাই , কোনো ক’তো নাই ।
বাহিৰত ৰৈ মই শুনিছোঁ মাথোন
এজাক গছৰ ক্ৰন্দনঃ
দূৰণিত ৰিণি ৰিণি দেখিছোঁ মাথোন
এখন নৈঃ
শুই আছেনে বৈ গৈছে __ একোকে
ধৰিব নোৱাৰিঃ
ওপৰত ক’লা পাথৰেৰে বন্ধোৱা
এখন অনুজ্জ্বল আকাশ ।
বতাহত কেইটামান ঢিমিক-ঢামাক
জোনাকীৰ পোহৰ , _ আৰু ক’তো
পোহৰৰ লেশমানো নাই ।
মই মনতে ভাবোঁ ,
__এই চোকা কটাৰীৰ দৰে
মোক হত্যা কৰা এন্ধাৰজাকৰ
কেতিয়া অৱসান ঘটিব ?
No comments:
Post a Comment