Monday, April 26, 2021

ব'হাগ

কবিতা- ব'হাগ

কবি- হীৰেন ভট্টাচাৰ্য

পাঠ- প্ৰৱাল গোস্বামী


মই খিৰিকীখন খুলি দিলো ।

স্তব্ধতাৰ নিৰ্জন পোহৰত আমি

আকৌ মুখামুখি হ'লোঃ শিৰৰ সেন্দুৰেৰে সুন্দৰ

আকাশৰ মুখত জিলিকি উঠিছে

সোনোৱালী ব'হাগ ।


মই যেন সমস্ত শৰীৰেৰে গ্ৰহন কৰিম

ক্ৰান্তি লগ্নৰ এই সূৰ্যৰ বুকুয়েদি বৈ অহা

তাৰুণ্যৰ বেগৱতী নৈৰ উত্তাপ ।

আৰু তাৰ কোবাল সোঁতত লাগি থকা

ৰ'দৰ কোমল স্বাদ !!


আহা ! কি সুন্দৰ এই ব'হাগ ,

কি যে মায়াবী তাৰ লাৱনি দুখনি হাত !!




No comments:

Post a Comment