কবিতা- সবাতোকৈ আপোন
কবি- নৱকান্ত বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি
তথাপি আপোন মোৰ আই !
গছ-লতা-ফুলে ভৰা এইখন ধুনীয়া ধৰণী
তেৱেঁ মোক দিলেহি চিনাই ।
হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী
তথাপি আপোন মোৰ দেশ ,
ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি
যাৰ নাই মহিমাৰ শেষ ।
হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া
তথাপি আপোন এই ভাষা ,
তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাব কুমলীয়া
সুখ-দুখ শান্তি আৰু আশা ।
মোৰ আই, মোৰ দেশ, মোৰ ভাষা ভাল পাওঁ মই
তাৰে মই চিনিম জগত,
সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ
খোজ দিম সবাৰে লগত ।
No comments:
Post a Comment