কবিতা- সোণপাহি
কবি- অতুলচন্দ্ৰ হাজৰিকা
পাঠ- প্ৰৱাল গোস্বামী
ধৱল মেঘৰ পাল উৰুৱাই
সজাই সোণৰ ডিঙা__
সোণাৰু সাউদে বণিজ বেহালে
সোণেৰে ভৰাই ডিঙা ।
এজাক ফুলৰ বেজাৰ গুচাই
ফুলিল হেজাৰ ফুল ;
সোণাৰুৱে কয়__ চোৱাহি পথিক
জীৱন নহয় ভুল !
পদূলি ওলাই চালো আথে-বেথে
উলাহে নধৰে হিয়া__
সোণৰ ৰভাৰ সভাৰ মাজত
সোণপাহি মোৰ প্ৰিয়া ।
সোণৰ সাতেশৰী আছে ছিঙি পৰি
নেলাগে পুৰণি মণি ,
সেই সোণেৰেই উপচি পৰিছে
দুবৰি দলিচাখনি ।
অতীজৰ সেই সোণৰ লঙ্কাতো
নাছিল ইমান সোণ ,
মোৰ পদূলিত বাগৰে মাটিত
বুটলি লওঁতা কোন !
দৰদী কবিৰ প্ৰিয়া সোণপাহী
অলকা তিলকা ৰাজে ;
নতুন সোণৰ মণি খাৰু পিন্ধি
নিতউ নিজকে সাজে ।
নিবিচাৰো আৰু পৃথিৱীৰ বিত
কঙাল নহওঁ মই ;
হেলাৰে সুধিম যক্ষ লক্ষ জন
প্ৰিয়াক বুকুত লই ।
No comments:
Post a Comment