কবিতা- নিয়ৰ
কবি- চন্দ্ৰকুমাৰ আগৰৱালা
পাঠ- প্ৰৱাল গোস্বামী
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা ,
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা ।
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি ,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি ।
ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গ’ল মণি ,
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এইকণি ।
ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থৈছে সানি ,
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী ।
নিয়ৰ কলিৰে শোভে ফুলজুপি
চাইছো ভাবতে ভাহি ,
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি ।
No comments:
Post a Comment