কবিতা- বিহুৱান
কবি- থানেশ্বৰ হাজৰিকা
পাঠ- প্ৰৱাল গোস্বামী
মৰমৰ দীঘ দি চেনেহৰ বাণি লই
হেঁপাহৰ আঁচুৰে বোৱা
সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান
মনেদি এবেলি লোৱা ।
ধনীৰে বিহুৱান পাট মেজাঙ্কৰী ,
দিয়ে কি নিদিয়ে যাচি ।
মোৰে এই বিহুৱান চেনেহৰে বোৱা
সপোনৰ কাঠীৰে বাছি ।
কেতেকীৰে তিল , নাহৰৰে ঘিলা
সাজিছোঁ বিহুৰে পিঠা ,
তগৰৰে চিৰা , চেনেহৰে দই
কু-উ-কু মাতেৰে মিঠা ,
মনে-পাঁজি-কটা চেলেং ছকাঠী
বুকুতে পাতিছোঁ কাঁহী ,
বিহুৰে বিহুৱান এয়ে তোমালই
যায় বতাহতে ভাহি ।
পদূলি ওলাই চালো আথে-বেথে
উলাহে নধৰে হিয়া__
সোণৰ ৰভাৰ সভাৰ মাজত
সোণপাহি মোৰ প্ৰিয়া ।
সোণৰ সাতেশৰী আছে ছিঙি পৰি
নেলাগে পুৰণি মণি ,
সেই সোণেৰেই উপচি পৰিছে
দুবৰি দলিচাখনি ।
অতীজৰ সেই সোণৰ লঙ্কাতো
নাছিল ইমান সোণ ,
মোৰ পদূলিত বাগৰে মাটিত
বুটলি লওঁতা কোন !
দৰদী কবিৰ প্ৰিয়া সোণপাহি
অলকা তিলকা ৰাজে ;
নতুন সোণৰ মণি খাৰু পিন্ধি
নিতউ নিজকে সাজে ।
নিবিচাৰো আৰু পৃথিৱীৰ বিত
কঙাল নহওঁ মই ;
হেলাৰে সুধিম যক্ষ লক্ষ জন
প্ৰিয়াক বুকুত লই ।
No comments:
Post a Comment