কবিতা- কবিৰ ধৰ্ম
কবি- ৰবীন্দ্ৰ সৰকাৰ
পাঠ- প্ৰৱাল গোস্বামী
সমগ্র দেশ যেতিয়া টোপনিত নিঃপালি দিয়ে
কবি তেতিয়া সাৰে থাকে, কৈছিল কবীৰে।
কবিৰ টোপনি নাহে।
নিজৰ তেজত কলম ডুবাই লিখে
কালে তেওঁক জহাই-খহাই নিব নোৱাৰে,
প্রেমহীনতাই যেতিয়া ৰুকি ৰুকি খায় মনুষ্যত্ব
কবিৰ হৃদয় ৰুৰুৱাই জ্বলে
কোনেও গম নাপায়।
লোভ-লালসাই চুব নোৱাৰে কবিৰ কলম,
মানুহৰ বুকুত চেপি-বহা কঢ়াল মাৰি ধৰা শিলটোক
প্ৰহৰে প্ৰহৰে ভাঙি নিঃশেষ কৰে তেওঁ,
গঢ়ি তোলে বাসযোগ্য অন্য পৃথিৱী।
টোপনিতো সাৰে থকা কবিৰ ধৰ্ম।
No comments:
Post a Comment