কবিতা- অন্তৰংগ অনুভৱ
কবি- কৰবী ডেকা হাজৰিকা
পাঠ- প্ৰৱাল গোস্বামী
যিবোৰ কথা কাণৰ কাষতহে
গুণগুণাই ক'ব পাৰি
সেইবোৰকে ৰজনজনাই কৈ
কিয় যে উৰে কেতেকীজনী
তাইৰ বুকু উদঙোৱা কথাত
দ্বিতীয়ৰ জোনে ওঁঠ কামুৰি হাঁহে
শিথিল হাতেৰে ৰাতিয়ে টানি লয়
নীলা আন্ধাৰৰ ওৰণি
প্রগলভা যুৱতীৰ দৰে
অন্তহীন কথা কৈ
পাহাৰৰ পৰা প্ৰান্তলৈ উৰে
কেতেকীজনী
তাইৰ অবাধ সংলাপৰ উঁহ খেদি
টোপনি সামৰি কিৰিলিয়াই উঠে
শুবলৈ লোৱা চৰাইবোৰে
ধীৰ পৰ্বতৰ বুকুৰ গৰা
আঁজোৰ মাৰি এৰাই আহে
কলকণ্ঠী নৈখনি
No comments:
Post a Comment