কবিতা- ওলট-পালট
কবি- অতুল চন্দ্ৰ হাজৰিকা
পাঠ- প্ৰৱাল গোস্বামী
এক আছিল বুঢ়া-বুঢ়ী
নাছিল সিহঁতৰ ল'ৰা-লুৰী
কথাই কথাই এদিন দুয়োৰে
লাগি গ'ল বৰ হুৰাহুৰি ।
(২)
বুঢ়াই ক’লে ফিতাহী মাৰি ,
''শুনিছনে হঞে ঘুগুলী বুঢ়ী ;
সাদিনত তই যিমান কৰ
এদিনৰ মোৰ কাম ;
মিছা কৈছোঁ যদি অমুকা বুঢ়াৰ
সলাই থবি নাম ।''
(৩)
বুঢ়ীও উঠিল দাং খাই
উত্তৰ দিলে বুঢ়ালৈ চাই,
''বুঢ়ীৰ যহতে দুবেলা দুমুঠি
খাই আছ তই ভাত ,
এদিন মাথোন নহ’লে মই ,
চেলাই পেলাবি দাঁত ।''
(৪)
কাইলৈ বাৰু পৰমাণ চাম
হালখন লৈ ময়ে যাম ;
তই হ’বি ঘৰৰ ঘৈণী
হাঁহ-পাৰবোৰ চাবি ,
আছে মানে ঘৰৰ কাম
মনোযোগ দিবি ।
(৫)
''গাই খীৰাবি ,ভাত ৰান্ধিবি
আৰু কাটিবি সুতা ,
তেতিয়াহে, তোক মই বুঢ়া
বুলিম বৰ মতা ।''
(৬)
পিছদিনাখন হ’ল পুৱা ,
মুখত এখন সুমাই গুৱা ;
বুঢ়ী ওলাল পোন্ধ মাৰি
কান্ধত নাঙল লৈ ,
বুঢ়া থাকিল সেইদিনা
ঘৰৰ ঘৈণী হৈ।
(৭)
বুঢ়ী আহিল হালৰপৰা
দুখে-ভাগৰে আধা মৰা ,
তায়ো পালে সেকা পালি
মুখেৰে নোলায় মাত ,
ঘটিয়ে ঘটিয়ে পানী খাইহে
তত আহিল গাত ।
বুঢ়াই ক’লে হাত যুৰি ,
''অ’ মোৰ বুঢ়াৰ লগৰী ;
সঁচাকৈয়ে তই ঘৰৰ ঘৈণী
ঘৰৰ লখিমী মোৰ ,
মুৰৰ চুলিৰ সমান হৈ
আয়ুস বাঢ়ক তোৰ ।
(৯)
তোৰ ভাগ আৰু নধৰোঁ মই ,
তোৰ কামো নহয় ঢিলা,
প্ৰমাণ মাথো চালোঁ ,
নলগা জেঙত লগাৰ ফল
হাতে হাতে পালোঁ ।''
বুঢ়ীয়ে ক’লে, ''লাপুং বুঢ়া
মিছা নকওঁ, এক কড়া
হাল বোৱা নহয় তিৰীৰ কাম
মতাৰ ৰন্ধা বঢ়া ।
বুজিলোঁ দুয়ো দুয়োৰে দুখ
ভালদৰে আজিৰপৰা ।
Excellent work. Could you provide the meanings of the words in the poem?
ReplyDelete